নিউজ ডেস্ক : ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আৰু Integrated M.Com Odd Semester ৰ (Theory)-ৰ পৰীক্ষা দিন পিছুৱাই দিয়া হৈছে।
বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকে এখন জাননী জাৰি কৰি এই কথা সদৰী কৰে।
শীঘ্ৰেই পৰীক্ষাৰ দিনৰ সৈতে এখন বিতং জাননী প্ৰকাশ কৰা হ’ব বুলি উক্ত জাননীত কোৱা হৈছে।
অৱশ্যে বাকী সকলো বিষয়ৰ পৰীক্ষা তথা প্ৰেকটিকেল পৰীক্ষাসমূহ নিৰ্ধাৰিত সূচী অনুসৰি অনুষ্ঠিত হ’ব।
লগতে পঢ়ক – দেশত কোৰোনাৰ সংক্ৰমণ এতিয়াও কমা নাই