কমাৰগাঁও (গোলাঘাট): শণিবাৰে নিশা অহা প্রবল শিলাবৃষ্টিয়ে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰপাক অঞ্চলত প্ৰায় দুশৰো অধিক লোকৰ বাসগৃহৰ লগতে ৰবি শস্যৰ খেতি বিস্তৰ ক্ষতিসাধন কৰে।

বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপাক, নগাবালি, গোটুং, বংকোৱাল আদি অঞ্চলত শণিবাৰে নিশা প্ৰবল শিলাবৃষ্টিৰ ফলত প্ৰায় ২৫০ ঘৰ গৃহস্থিৰ ঘৰৰ টিং চালনিৰ দৰে ফুটা ফুটা হোৱাত ঘৰৰ আচবাব লগতে ছাত্ৰ-ছাত্ৰী সকলৰ কিতাপ বহী নষ্ট হয়।

ছাত্ৰ-ছাত্ৰীসকলে বৰষুণত সম্পুৰ্ণ তিনি যোৱা কিতাপ বহী সমূহ দেওবাৰে ৰ’দত শুকাবলৈ দিয়ে।

ইয়াৰ উপৰিও নিশা হোৱা শিলাবৃষ্টি দেওবাৰে দুপৰীয়া ভাগলৈকে গলি নোযোৱাত ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হয়। শিলাবৃষ্টিয়ে অঞ্চলটোৰ কৃষকসকলৰ সৰিয়হ, আলু, ৰঙালাউ আদিৰ লগতে বিভিন্ন ধৰণৰ ৰবিশস্যৰ খেতি বিস্তৰ ক্ষতিসাধন কৰে।

ফলত অঞ্চলটোৰ কৃষিজীৱী ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।

বোকাখাত ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা অঞ্চল দুটাত স্থানীয় গাঁওপ্ৰধানৰ সৈতে ক্ষয়-ক্ষতিৰ খবৰ লৈ তালিকা প্ৰস্তুত কৰিছে যদিও এইপৰ্য্যন্ত একো সাহাৰ্য্য প্ৰদান কৰা নাই।

ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাক এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি দুৰ্ভগীয়া পৰিয়াল সমূহক সকাহ দিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক – লতা মংগেশকাৰলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন নদুৱাৰ মণ্ডল যুৱ মৰ্চাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply