নিউজ ডেস্ক : অহা ৪৫ দিনৰ ভিতৰত গোৱালপাৰাত নিৰ্মাণ কৰি থকা ডিটেনচন চেণ্টাৰ (বৰ্তমান ট্ৰেনজিত কেম্প নামাকৰণ কৰা হৈছে)-ৰ কাম সম্পূৰ্ণ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰক নিৰ্দেশ দিছে।
অধিবক্তা শান্তনু বৰঠাকুৰে দাখিল কৰা এখন লেখ আৱেদনৰ শুনানি গ্ৰহণ কৰি দিয়া ৰায়ত ন্যায়াধীশ কল্যাণ ৰাই সুৰানাই অসম চৰকাৰে ডিটেনচন চেণ্টাৰটো নিৰ্মাণৰ বাবে ৬ সপ্তাহ সময় বিচাৰি দাখিল কৰা অনুৰোধত অনুমোদন জনাইছে।
উল্লেখযোগ্য যে বৰ্তমান ৰাজ্যৰ বিভিন্ন কাৰাগাৰত থকা ডিটেনচন চেণ্টাৰ সমূহত মুঠ ১৭৭ গৰাকী লোক আবদ্ধ হৈ আছে আৰু ইয়াৰে অধিক সংখ্যকেই মুকলি হৈ অহাৰ বাবে প্ৰয়োজন হোৱা যাৱতীয় নথি-পত্ৰ দাখিল কৰিব পৰা নাই বুলি ন্যয়ালয়ক জনোৱা হৈছে।
গোৱালপাৰাৰ মাটিয়াত নিৰ্মাণ কৰি থকা ডিটেনচন চেণ্টাৰটো সম্পূৰ্ণ হৈ উঠিলে বৰ্তমান বিভিন্ন কাৰাগাৰত বন্দি হৈ থকা সন্দেহযুক্ত অবৈধ বিদেশী নাগৰিকসকলক তালৈ স্থানান্তৰিত কৰা হ’ব। মাটিয়াৰ নিৰ্মাণৰত ডিটেনচন চেণ্টাৰটোত ৪০০ গৰাকী মহিলাসহ ৩,০০০ গৰাকী আৱাসী ৰাখিব পৰা যাব।
বৰ্তমান গোৱালপাৰা, কোকৰাঝাৰ, যোৰহাট, শিলচৰ, ডিব্ৰুগড় আৰু তেজপুৰসহ মুঠ ৬ খন কাৰাগাৰক ডিটেনচন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।
অহা ৯ ছেপ্টেম্বৰত এই বিষয়টোক লৈ উচ্চ ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে।
লগতে পঢ়ক : বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কংগ্ৰেছৰ বিধায়কৰ