কৰিমগঞ্জ: কৰিমগঞ্জত এখন চৰকাৰী বিদ্যালয়ৰে প্ৰধান শিক্ষকৰ বিৰুদ্ধে একেখন বিদ্যালয়ৰ এগৰাকী নাবালিকা ছাত্ৰীক বলাৎকাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আজি আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

প্ৰাপ্ত তথ্য মতে, পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বিলবাৰীৰ কমলা কান্ত সিনহাই (৪৮) নামৰ শিক্ষকজন কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি শিক্ষা খণ্ডৰ অন্তৰ্গত এখন নিম্ন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত আছিল।

ঘটনা সন্দৰ্ভত ছোৱালীজনীৰ পৰিয়ালে বাজাৰিচাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। পৰিয়ালৰ লোকৰ মতে, প্ৰথম শ্ৰেণীৰ ছোৱালীজনীয়ে যোৱা 26 জুলাইত বিদ্যালয়লৈ যাব খোজা নাছিল পিছত পৰিয়ালৰ এজন সদস্যৰ সন্দেহ হোৱাত তাইক সোধাত বিদ্যালয়ৰ হেড মাষ্টাৰে “তাইক অনুপযুক্তভাৱে স্পৰ্শ কৰিছিল আৰু তাইৰ সৈতে বেয়া কাম কৰিছিল” বুলি কয়।

পিছত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ এবি আৰু POCSO আইনৰ ধাৰা ৬ ৰ অধীনত এটা গোচৰ (১৩৮/২২) ৰুজু কৰি অভিযোক্ত শিক্ষকজনক আটক কৰে।

আনহাতে ভুক্তভোগী ছোৱালীজনীক চিকিৎসালয়লৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় যদিও এই বাতৰি প্ৰতিবেদন যুগুত কৰা লৈকে স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদন অনা নাই।

লগতে পঢ়ক – বিবাহবাৰ্ষিকীৰ দিনাই সন্ধানহীন হ’ল পত্নী: মহিলাগৰাকীক বিচাৰি আৰক্ষীৰ ব্যয় হ’ল এক কোটি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply