গুৱাহাটী: শ্ৰেণীকোঠাত দা লৈ প্ৰৱেশ কৰাৰ অপৰাধত নিলম্বিত হ’ল শিক্ষক। এই ঘটনা অসমৰেই এখন প্ৰাথমিক বিদ্যালয়ৰ। কাছাৰ জিলাত আজি সংঘটিত এই ভয়ংকৰ ঘটনাৰ বাবে নিলম্বিত কৰা হৈছে শিক্ষকগৰাকীক। শ্ৰেণী কোঠাত পাঠদান চলি থকা অৱস্থাত হাতত দা লৈ বিদ্যালয়ত প্ৰৱেশ কৰিছিল এখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এজন শিক্ষকে।
উল্লেখ্য যে অভিযুক্ত শিক্ষকজনে হাতত দা লৈ বিদ্যালয় প্ৰাংগনত ঘূৰি ফুৰা এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। শিক্ষকজনক শিলচৰৰ তাৰাপুৰৰ ধৃতিমেধা দাস বুলি চিনাক্ত কৰা হৈছে।
বিগত ১১ বছৰ ধৰি ৰাধামাধৱ বুনিয়াদী বিদ্যালয়ত শিক্ষকতা কৰি অহা দাস বৰ্তমান বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত বুলি জানিব পৰা গৈছে।
স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে যোৱা দেওবাৰে তেওঁলোকে বিদ্যালয় কৰ্তৃপক্ষৰ পৰা ফোনত খবৰ পোৱাৰ পিছতে বিদ্যালয়খনত উপস্থিত হৈ দা লৈ থকা অৱস্থাত প্ৰধান শিক্ষকজনক আটক কৰে।
আৰক্ষীৰ আগত প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ আন শিক্ষক-শিক্ষয়িত্ৰীয়ে কামত দেখুওৱা অৱহেলাত খং উঠি তেওঁলোকক সতৰ্ক কৰিবলৈ তেওঁ এইদৰে হাতত দা লৈ বিদ্যালয়লৈ আহিছিল বুলি কয়।
অৱশ্যে শিক্ষকগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে, যদিও তেওঁৰ বিৰুদ্ধে এইপৰ্যন্ত কোনো এজাহাৰ নথকাত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
লগতে পঢ়ক – আৰ্থিকভাৱে পিছপৰা শ্ৰেণী (EWS)-ৰ সংৰক্ষণত উচ্চতম ন্যয়ালয়ৰ সেউজ সংকেট