গুৱাহাটী- ৰাজ্যত আৰম্ভ হৈছে কৰোণা ভেকচিনৰ তৃতীয় পৰ্যায়ৰ টিকাকৰণ। ৪৫-৫৯ বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিক সকলক দিয়া হৈছে কৰোণাৰ ভেকচিন। সোমবাৰে অসমৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জি এম চিএইচত ল’লে কোভিড১৯ৰ ভেকচিন। কোভিড ভেকচিনৰ প্ৰথমটো ড’জ লৈ মন্ত্ৰীগৰাকীয়ে এই বিষয়ে টুইটাৰত টুইট কৰে।
মন্ত্ৰীগৰাকীয়ে ৪৫বছৰ ঊৰ্দ্ধৰ সকলো লোককে কভিড ভেকচিন ল’বলৈ আহ্বান জনায়।
প্ৰাক্তন মুখ্য সচিব লোক কুমাৰ, ভি কে পিপাৰচেনিয়া আৰু টি ৱাই দাস, বিশেষ আৰক্ষী সঞ্চালক জি পি সিং, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰী, বিশিষ্ট সংগীতশিল্পী সমৰ হাজাৰিকা, মালাবিকা বৰা, পাহাৰী দাস, সামাজকৰ্মী বিজয় পাতিয়াৰ, মিনতি বৰঠাকুৰ আৰু লেখিকা মিত্ৰা ফুকনেও গ্ৰহণ কৰিলে কোভিড১৯ৰ টিকাকৰণ।
উল্লেখ্য় যে সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও গ্ৰহন কৰিছিল কোভিড১৯ৰ টিকাকৰণ।
উল্লেখ্য় যে ৬০ বছৰ বা ৬০তকৈ ঊৰ্দ্ধৰ প্ৰায় ৭৬৩গৰাকী আৰু ৪৫- ৫৯ বছৰৰ ভিতৰত ২২৪গৰাকী লোকক তৃতীয় পৰ্যায়ত ভেকছিনৰ প্ৰথম পালি প্ৰদান কৰা হৈছে।
অসমত বৰ্তমানলৈকে ২,১৭,৫৩৭ টা কভিড১৯ত আক্ৰান্ত হৈছে আনহাতে ১,০৯২গৰাকী এই ৰোগত মৃত্যুবৰণ কৰিছে।
ৰাজ্যত বৰ্তমান কভিড১৯ত ২৬৮গৰাকী আক্ৰান্ত হৈ আছে। আনহাতে এতিয়ালৈকে ২,১৪,৮৩০ জন লোক এই ৰোগৰ পৰা আৰোগ্য় লাভ কৰিছে।