ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ। শনিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত ডাৱল মিউন্টেন্টৰ উপস্থিতিৰ লগতে সামাজিক সংক্ৰমণ হোৱাৰ কথা প্ৰকাশ কৰি সকলোকে সাৱধান হোৱাৰ আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ভেকচিন সন্দৰ্ভত অসমবাসীক আশ্বস্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, অসমলৈ ইতিমধ্যে ২ লাখ ভেকচিন নতুনকৈ অনা হৈছে আৰু মুঠ ৪ লাখ ভেকচিন বৰ্তমানেও মজুত আছে। তাৰোপৰি, শীঘ্ৰে অসমলৈ কেন্দ্ৰই ৩ লাখ ভেকচিন পঠিয়াব বুলি উল্লেখ কৰি ২, ৩ মে’লৈ ভেকচিনৰ নাটনি নহয় বুলিও মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।
ৰাজ্যত কোভিড সন্দৰ্ভত স্বাস্থ্য বিভাগৰ নতুন নিৰ্দেশনা জাৰি। কোভিড ৰোগীসকলৰ বাবে কিছু নিয়মৰ সাল-সলনি। স্বাস্থ্যবিভাগে ৰোগীক অব্যাহতি দিয়াৰ ক্ষেত্ৰত সলনি কৰিছে কিছু নিয়ম। লক্ষণবিহীন ৰোগী সকলক কোভিড কেয়াৰ চেন্টাৰত আছুতীয়াকৈ ৰখা হ’ব।
৩ দিনলৈ জ্বৰ-কাহ আদি লক্ষণে দেখা নিদিলে ঘৰলৈ যাব দিয়াৰ অনুমতি। শৰীৰ অক্সিজেন ছেছ্যুৰেশ্যন ৯৪ শতাংশৰ ওপৰত থাকিব লাগিব। আৰ এ টি টেষ্টৰ ফলাফল নিগেটিভ আহিব লাগিব। ঘৰলৈ যাবলৈ অনুমতি দিয়াৰ পাছতো ১০ দিনলৈ হোম কোৱাৰাইন্টানত থাকিব লাগিব। লক্ষণ থকা ৰোগী সকলক ৰখা হ’ব কোভিড চিকিৎসালয়ত।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘ক’ভিড কেয়াৰ চেন্টাৰত থকা ৰোগীলৈ দৈনিক ৩০০ টকা আগবঢ়োৱা হ’ব আৰু এসপ্তাহলৈকে ৰোগীৰ বাবে বিছনাৰ অভাৱ নাই। ‘
২৮ এপ্ৰিলৰ পৰা সৰ্বাসাধাৰণে ল’বলগীয়া ভেকচিনৰ পঞ্জীয়ন আৰম্ভ হোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৮ৰ পৰা ৪৫ বছৰ বয়সলৈ ভেকচিন বিনামূলীয়া হোৱাৰ লগতে অসম চৰকাৰে আৰোগ্য নিধিৰ ধন ব্যয় কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
বৰ্তমান ১৩ হাজাৰ ৰেমডেছিভিৰ বেজী উপলব্ধ থকাৰ কথা প্ৰকাশ কৰি এসপ্তাহলৈ ইয়াৰ নাটনি নোহোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। লগতে, ৰাজ্যত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন। লগতে, ভৱিষ্যতেও অক্সিজেনৰ আৰু ১০-১৫টা মিনি অক্সিজেন প্লান্ট বনোৱাৰ চিন্তা-চৰ্চা কৰাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।