নিউজ ডেস্ক: ক’ভিড ভেকচিনৰ ওপৰত কেন্দ্ৰৰ দুটা স্বাস্থ্য নিয়ামক সংস্থাৰ তথ্য প্ৰকাশৰ পিছতেই দেশত প্ৰতিক্ৰিয়া হৈ থকাৰ মাজতে মঙলবাৰে সাংবাদিকৰ আগত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰে।

সকলো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকে বুলি উল্লেখ কৰি মহন্তই অসমত বিনামূলীয়াকৈ প্ৰায় ৫ কোটিৰো অধিক লোকক ভেকচিন দিয়া হৈছে আৰু এইয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগ্ৰহ লগতে ইয়াত কোনো ব্যৱসায়ী দিশলৈ যোৱা নাই বুলি কয়।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কেৱল ক’ভিডই নহয়, যিকোনো ৰোগৰ বাবে প্ৰদান কৰা ভেকিচনৰ ক্ষেত্ৰতে পাৰ্শ্বক্ৰিয়া হ’ব পাৰে আৰু ভেকচিন মাত্ৰেই পৰ্যালোচনাৰ স্থল থাকে।

উল্লেখযোগ্য যে, দেশত প্ৰদান কৰা ৫ বিধ ভেকচিন আৰু অসমত প্ৰদান কৰা ২ বিধ ভেকচিন কভিশ্বিল্ড আৰু কভাক্সিনৰ পৰা মানুহৰ পাৰ্শ্বক্ৰিয়া হোৱা কথা নিতৌ ন ন তথ্য প্ৰকাশ পোৱা দেখা গৈছে। পুনেৰ এজন ব্যৱসায়ীয়ে তথ্য জনাৰ অধিকাৰৰ জৰিয়তে প্ৰশ্ন সোধাত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ) আৰু কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই (চিডিএছচিঅ’) জনাই যে ভেকচিনৰ পৰা পাৰ্শ্বক্ৰিয়া হয় আৰু ইয়াৰ পৰা বেজী দিয়া স্থানৰ বিষ/ফুলা, মুৰৰ বিষ, ভাগৰ, জ্বৰ, শৰীৰৰ বিষ, পেটৰ বিষ, ওকালি অহা, বমি, মূৰ ঘূৰোৱা, শৰীৰ কম্পন, ঘমা, চৰ্দি আৰু কাহ আদি হোৱাৰ কথা জনায়।

লগতে পঢ়ক – সুদীৰ্ঘ ৬০ বছৰৰ পিচত চীনত জনসংখ্যা হ্ৰাস

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply