ৰূপক গোস্বামী: নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনৰ ফলত বৰাক উপত্যকাত ৰে’লসেৱা ধৰি যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাত অঞ্চলটোৰ পৰা চাহৰ যোগান বন্ধ হৈ পৰিছে, ফলত গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ মে’ মাহৰ মাজভাগৰ পৰা বৰাক উপত্যকালৈ অহা-যোৱা কৰা ৰে’ল সংযোগ ব্যাহত হৈ থকাৰ বিপৰীতে মেঘালয়ৰ ৰাঠাচেৰা-সোনাপুৰ অঞ্চলখিনিত হোৱা ভূমিস্খলনৰ বাবে বৰাক উপত্যকা আৰু গুৱাহাটীৰ মাজত পথ পৰিবহণ ঘনাই বন্ধ হৈ আহিছে।

যোৱা বুধবাৰে ব্যাপক ভূমিস্খলনৰ পিছত উক্ত পথছোৱা পুনৰ বন্ধ কৰিব দিবলগীয়া হয়। জানিব পৰা মতে, শেহতীয়া ভূমিস্খলনত পথছোৱা বিভিন্ন স্থানত অতি বেয়াকৈ ক্ষতিসাধন হৈছে।

বৃহস্পতিবাৰে ভাৰতীয় চাহ সন্থাই জনোৱা মতে, বৰাক উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা চাহৰ যোগান বন্ধ হৈ আছে, ফলত ইয়াৰ শতাধিক শ্ৰমিকৰ মজুৰি আৰু ৰেচনকে ধৰি বাগিচাসমূহৰ দৈনন্দিন খৰচৰ বাবে প্ৰয়োজনীয় মূলধনৰ ক্ষেত্ৰত সংকট আহি পৰিছে।

‘‘অত্যাৱশ্যকীয় ঔদ্যোগিক সামগ্ৰী সংগ্ৰহ আৰু আমদানি স্তব্ধ হৈ পৰিছে, বৰাক উপত্যকাৰ চাহ কাৰখানাসমূহতো ঔদ্যোগিক সামগ্ৰীৰ মজুত দ্ৰুতগতিত শেষ হৈছে,’’ সন্থাই কয়।

উল্লেখযোগ্য যে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলা তিনিখনক সামৰি থকা বৰাক উপত্যকাৰ পৰা অসমৰ মুঠ চাহ উৎপাদনৰ প্ৰায় ৬.৫ শতাংশ উৎপাদন হয়। সেই অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত বৰাক উপত্যকা চাহ অৰ্থনীতিৰ দিশৰ পৰা যথেষ্ট পিছপৰা বুলিব পাৰি। বৰাক উপত্যকাৰ চাহৰ উৎপাদনশীলতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহৰ গড় উৎপাদনশীলতাতকৈ প্ৰায় ২৫-৩০ শতাংশ কম।

ভৌগোলিক অৱস্থানৰ বাবেও বৰাক উপত্যকাত থকা বাগিচাসমূহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাগিচাবোৰতকৈ বিভিন্ন দিশত অতিৰিক্ত খৰচ বহন কৰিবলগীয়া হয়।

ভাৰতীয় চাহ সন্থাই জনোৱা মতে, ২০২২ চনৰ মে’আৰু জুন মাহত বাৰে বাৰে হৈ থকা নেৰানেপেৰা বৰষুণৰ লগতে মে’ মাহৰ মাজভাগত হোৱা বানপানীৰ বাবে পাত ছিঙাৰ peak ছিজন হোৱাৰ পিছতো চাহ উদ্যোগটোৱে যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয়।

‘‘শেহতীয়াকৈ নিলাম কেন্দ্ৰসমূহত চাহৰ মূল্য হ্ৰাস পোৱাৰ লগতে পাত ছিঙাৰ peak ছিজনত ব্যাপকভাৱে পাতৰ লোকচান, পথ বন্ধৰ বাবে চাহৰ প্ৰেৰণ বন্ধ হোৱা আদি কাৰকৰ ফলত বৰাক উপত্যকাৰ চাহ উদ্যোগৰ সমস্যাসমূহ আৰু অধিক প্ৰকত হৈ পৰাৰ লগতে উদ্যোগটোৰ ভৱিষ্যতকলৈ প্ৰশ্নবোধক চিন আহি পৰিছে,” চাহ সন্থাই কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply