নিউজ ডেস্ক : কাৰ্বি আংলং জিলাৰ খটখটিত ২.৫ কোটি টকাৰ নিষিদ্ধ জাতীয় হেৰোইন জব্দ কৰা হয়। উক্ত ঘটনাৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰা হয় বুলি শনিবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

জিলা আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে শুকুৰবাৰে নিশা এক গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তি খটখটিৰ লাহৰিজানত মণিপুৰৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছত অভিযান চলাই আৰক্ষীয়ে উক্ত হেৰোইন খিনি জব্দ কৰে।

জব্দ কৰা হেৰোইনখিনিৰ ওজন প্ৰায় ৩৩৯.২ গ্ৰাম। বাছখনত থকা এজন যাত্ৰীক তালাচি চলাই উক্ত হেৰোইনখিনি জব্দ কৰা হয়। যাত্ৰীজনে ড্ৰাগছখিনি ২৭ টা চাবোনৰ বাকচত ভৰাই আনিছিল বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া গৰাকী জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ কৰা যাত্ৰীজনৰ ঘৰ মণিপুৰত। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত চলাই আছে।

লগতে পঢ়ক : নাইজেৰিয়া আৰু অসমৰ খেলুৱৈৰ মাজত ৰোমাঞ্চকৰ ফুটবল মেচ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply