অসম আৰক্ষীয়ে আজি এক অভিযান চলাই কাৰ্বি আংলং জিলাত এখন বাহনৰ পৰা প্ৰায় ১৮ কোটি টকাৰ হেৰোইন জব্দ কৰাৰ লগতে দুজন লোকক গ্ৰেপ্তাৰ কৰে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে অসম আৰক্ষী আৰু চি আৰ পি এফৰ দলে যুটীয়া অভিযান চলাই ড্ৰাগছসহ লোক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ ডেকাই কয়, “এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত দিলাই তিনিয়ালীত এটা চেক পইণ্ট বহুৱা হৈছিল।”

এখন পিক-আপ ভেনত লুকুৱাই অনা ২৮৬ টা চাবোন কেছত ৩.৫ কিলোগ্ৰাম ওজনৰ হেৰোইন জব্দ কৰা হয়। হেৰোইনখিনিৰ মূল্য প্ৰায় ১৮ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে বুলি তেওঁ কয়।

এই সন্দৰ্ভত বৰপেটা জিলাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে জানিবলৈ দিয়ে।

বাহনখন মণিপুৰৰ পৰা আহি আছিল বুলি জানিবলৈ দি ড্ৰাগছখিনি ক’লৈ নি থকা হৈছিল সেই সম্পৰ্কে অনুসন্ধান চলাই থকা হৈছে বুলি তেওঁ কয়। উক্ত সফল অভিযানৰ বাবে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি আৰক্ষীক অভিনন্দন জনায়।

লগতে পঢ়ক – বনভোজ খাবলৈ গৈ প্ৰাণ হেৰোৱালে দুজনে, ১১ জন আহত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply