হোজাই: হোজাই জিলাৰ লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত জিলাখনৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক আজি নিলম্বন কৰা হয়।
অভিযোগ মতে জিলা উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই এজন জ্যেষ্ঠ স্কুটী আৰোহীক লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথত ওলোটা দিশত আহি থকা অৱস্থাত খেদি-খেদি প্ৰহাৰ কৰিছিল।
লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত উক্ত ঘটনা চিচি টিভি কেমেৰাত বন্দী হৈ আছিল। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ লৈ আনে।
আনহাতে জিলা উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তৰ উক্ত কাণ্ড পোহৰলৈ অহাৰ পিছত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে নিলম্বনৰ নিৰ্দেশ দিয়াত তাৎক্ষণিকভাৱে তেওঁলোকক নিলম্বন কৰা হয়।
লগতে পঢ়ক – ১২ অক্টোবৰত উদ্বোধন কৰা হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয় হস্পিটেল