অসম আৰক্ষীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হকে–বিহকে এনকাউণ্টাৰ কৰিবলৈ পৰামৰ্শ দিয়াৰ ভয়াবহ পৰিণতি হ‘ল ওদালগুৰি জিলাৰ ৰৌতাৰ দুৰ্ভাগ্যজনক ঘটনা।
অসম আৰক্ষীৰ গুলিত ডিম্বেশ্বৰ মুছাহাৰী নামৰ এজন নিৰীহ কৃষকৰ মৃত্যু হোৱা ঘটনাক আম আদমি পাৰ্টীয়ে শোক প্ৰকাশ কৰে। লগতে এনে কাৰ্যৰ বাবে গৃহ বিভাগক গৰিহণা দিয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যভাৰ লোৱাৰে পৰা অভিযুক্তক এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক পৰামৰ্শ দিয়াৰ বাবেই অসম আৰক্ষীয়ে যধে–মধে অসাংবিধানিক এনকাউণ্টাৰ কৰি আহিছে।
ইয়াৰ পাছতো ৰাজ্য চৰকাৰে এনকাউণ্টাৰ বন্ধ কৰা নাই। যাৰ ফলত ৰৌতাত দুৰ্ধৰ্ষ ডকাইত কেনাৰাম বসুমতাৰী বুলি নিৰীহ ডিম্বেশ্বৰ মুছাহাৰীয়ে মৃত্যুক সাৱটি ল‘বলগীয়া হ’ল।
আনহাতে, আপ–অসমৰ সমন্বয়ক ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই কয় যে, এনকাউণ্টাৰৰ দৰে অসাংবিধানিক কাৰ্য বন্ধ কৰিব নোৱাৰা অথচ এনকাউণ্টাৰৰ নামত নিৰীহ লোকক হত্যা কৰা অসমৰ গৃহ বিভাগৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাই বিভাগটোৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে।
লগতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ এনে অসাংবিধানিক কাৰ্য বন্ধ কৰাৰ সলনি আজি মৃত ব্যক্তিজন নিৰীহ নাছিল বুলি মন্তব্য কৰাটোৱে চৰকাৰৰ আইন–আদালতৰ প্ৰতি আস্থা নথকাটোকে প্ৰতিপন্ন কৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যকো আম আদমি পাৰ্টীয়ে ধিক্কাৰ প্ৰদান কৰে।