মঙলদৈ: মঙলদৈ য়ুথ ক্লাবত আজি কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা মানৱতাবাদী সংগঠন কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞিৰ প্ৰথম বাৰ্ষিক স্মৃতি দিৱস অনুষ্ঠিত কৰা হয়।
এই উপলক্ষে সন্ধিয়া ৫ বজাত ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
বিশিষ্ট সাহিত্যিক, সুচিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে বন্তি প্ৰজ্বলন আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বাসৱ চন্দ্ৰ ডেকাই মাল্যাৰ্পণ কৰে।
সম্পাদক গণেশ দত্তই আঁত ধৰা এই অনুষ্ঠানত হোমেন বৰগোহাঞিৰ স্মৃতিচাৰণ কৰে ক্ৰমে ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, বাসৱ চন্দ্ৰ ডেকা, এনী ভূঞা ডেকা, কীৰিতি বৰা আদিয়ে।
লগতে পঢ়ক – মাৰ্ঘেৰিটাত এইচ ডি এফ চি বেংকৰ উদ্যোগত দুদিনীয়া মেগা ঋণ মেলা