ধুবুৰী : ধুবুৰীত এগৰাকী নাবালিকা ছোৱালীক ওপৰত যৌন আতিশয্য চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন ৫৪ বছৰীয়া শিক্ষকক গ্ৰেপ্তাৰ কৰে। শুকুৰবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষী বিষয়া জনে জনোৱা মতে, বৃহস্পতিবাৰে অভিযুক্ত শিক্ষকজনে ওচৰৰে ঘৰৰ এগৰাকী ১০ বছৰীয়া ছোৱালীক নিজৰ ঘৰলৈ নি অসৎ কাৰ্য্য চৰিতাৰ্থ কৰে।   

পিছত শিশুটিৰ মাকে ঘৰত ছোৱালীজনীক নেদেখি বিচাৰ-খোঁচাৰ কৰোতে উক্ত ঘটনা ধৰা পেলায়। মাকে ওচৰ-চুবুৰীয়াক ঘটনা সম্পৰ্কে খবৰ দিয়াত গাঁৱৰ লোকে শিক্ষকজনৰ ঘৰ ঘেৰাও কৰি প্ৰহাৰ কৰাৰ লগতে তেওঁক আৰক্ষীক গতাই দিয়ে।

শিশুটিৰ মাকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এটা গোচৰ কৰি পিছত ছোৱালীজনীৰ ভাষ্যৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰে বুলি আৰক্ষী বিষয়া গৰাকীয়ে জনায়।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply