কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰাধাবাৰী চাহ বাগিছাত চিকিৎসাসেৱাৰ নামত ৰোগীসকলক লৈ হেতালি খেলিছে বাগিছা কতৃপক্ষই। যাৰ ফলত বাগিছা খনৰ ৰোগীকলৰ মাজত চিকিৎসাৰ ক্ষেত্ৰত হাহাকাৰ পৰিস্থিতি সন্মুখীন হৈছে। প্ৰায় দুই হাজাৰ লোকে বসবাস কৰা বাগিছাখনত চিকিৎসালয় আছে যদিও নাই চিকিৎসক।

আনহাতে বাগিছাখনৰ চিকিৎসালয়খনত চিকিৎসক নথকাত সম্প্ৰতি সাধাৰণ জ্বৰ,পানীলগা হোৱা ৰোগী উপৰিও প্ৰসূতি আৰু শিশুসকলৰ যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। তাৎপৰ্যপূৰ্ণ বিষয় যে জনৈক ৰাহুল মোডী স্বতাধিকাৰী এই বাগিছাখনত থকা একমাত্ৰ চিকিৎসালয়খনত এগৰাকী ফাৰ্মাচীষ্টে একাংশ ৰোগীক চোৱা চিতা কৰি  সাধাৰণ জ্বৰ,পেটৰ বিষতো ৰোগীক অন্য চিকিৎসালয়লৈ ৰেফাৰ কৰাতো এতিয়া নিয়মত পৰিণত হৈ পৰিছে।

ইফালে চিকিৎসালয়খনত চিকিৎসকৰ অভাৱত এটা বন্ধ কোঠাত সিঁচৰিত হৈ আছে অসম চৰকাৰে যোগান ধৰা বহুতো বিনামূলীয়া ঔষধ । চিন্তনীয় বিষয় যে মানৱ সেৱাৰ একমাত্ৰ চিকিৎসালয়খনত ৰাতি-বিয়লি চিকিৎসক স্বাস্থ্য কৰ্মী নথকাত অঞ্চলটোৰ ৰাইজে জৰুৰী সেৱাৰ এটি পৰামৰ্শ বিচাৰি হাবাথুৰি খাব লগা পৰিস্থিতি হয়।

ইফালে চিকিৎসালয়খনত মাজুলী জিলাত কৰ্মৰত জনৈক বৰা উপাধীৰ এগৰাকী চৰকাৰী চিকিৎসালয়ত কৰ্মৰত চিকিৎসকক বাগিছা কতৃপক্ষই মাহেকে পষেকে মাতি আনি জোৰা টাপলি মাৰি একাংশ ৰোগীক চিকিৎসা আগবঢ়াই অহাৰ অভিযোগ স্থানীয় শ্ৰমজীৱি ৰাইজৰ।ইফালে বাগিছাখনত শ্ৰমজীৱি ৰাইজক চিকিৎসা সেৱাৰ নামত মালিকপক্ষই প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে আটছা ৰাধাবাৰী উপ শাখাই।

উক্ত বাগিছাৰ চিকিৎসালয়খনত এজন স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ ৰাধাবাৰী চাহ বাগিছা আটছা উপ শাখা , স্থানীয় গাঁওৰক্ষী বাহিনী আৰু অঞ্চলটোৰ সচেতন ৰাইজে বাৰম্বাৰ বাগিছাখনৰ স্বতাধিকাৰী , মেনেজমেন্টক দাবী জনাই আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে । শীঘ্ৰেই ৰাধাবাৰী চাহ বাগিছাত এগৰাকী স্থানীয় চিকিৎসক নিযুক্তি দিবলৈ মালিকপক্ষক কাতৰ আহ্বান স্থানীয় ৰাইজৰ। 

লগতে পঢ়ক – অসম যুৱ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে নগাঁৱলৈ গৌৰৱ পূৰ্ণাংগ প্ৰতীম শইকীয়াৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply