নিউজ ডেস্কঃ শৰতৰ বতৰতো গৰমে দহিছে ৰাজ্য। গৰমৰ মাজতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ পৰিমানো যথেষ্ট কমিছে। পাৰাস্তম্ভই এতিয়াও ৩৭/৩৮ চেন্টিগ্ৰেডৰ পৰা নমাৰ নাম লোৱাই নাই। মৌচুমী বতাহ জাকেও অঞ্চলটোৰ পৰা বিদায় ল’লে।


বৰঝাৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি জুন মাহতে অঞ্চলটোত প্ৰৱেশ কৰা মৌচুমী বতাহ ইতিমধ্যে ইয়াৰ পৰা ওলাই গৈছে । এই সময়চোৱাত বৰষুণ হ’ব লাগিছিল ১৪৮৬.২ মিলিমিটাৰ। কিন্তু এই সময়চোৱাত বৰষুণ হ’ল ১১৫১.৯ মিলিমিটাৰ। যাৰ ফলত বৰষুণৰ পৰিমাণ বাৰুকৈয়ে হ্ৰাস পায়।

লগতে পঢ়কঃপূজাৰ পিছত ৰাজ্যত ক’ভিড সংক্ৰমণৰ হাৰ বাঢ়িছে

অসমত ২২ শতাংশ বৰষুণৰ পৰিমাণ কমাৰ বিপৰীতে মণিপুৰত ৬০ শতাংশ, অৰুণাচলত ২৮ শতাংশ, নাগালেণ্ড ২৬ শতাংশ, মিজোৰামত ২২ শতাংশ, মেঘালয়ত ২১ শতাংশ বৰষুণৰ পৰিমাণ কমিছে।
এই গৰমৰ পৰা পৰিত্ৰাণ কেতিয়া পাব বৰ্তমান সময়ত সকলোৰে এটা প্ৰশ্ন | বতৰ বিজ্ঞান কেন্দ্ৰটোৰ মতে সোমবাৰৰ পৰা দুই তিনিদিনৰ বাবে বংগোপসাগৰত হোৱা নিম্নচাপৰ বাবে উত্তৰ পূবাঞ্চলত বৰষুণ হোৱাৰ সম্ভাবনা আছে | তাপমাত্ৰাও কমিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply