নিউজ ডেস্ক: যোৱা অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে আৰম্ভ কৰা এখন অভিলাষী আঁচনি আছিল অৰুণোদয় আঁচনি। ২০২০ চনৰ ১ ডিচেম্বৰৰ পৰা আৰম্ভ কৰা হৈছিল এই আঁচনি।

অৰুণোদয় আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ বেংক একাউণ্টত ৰাজ্য চৰকাৰে প্ৰথম অৱস্থাত প্ৰতি মাহে ৮৩০ টকা জমা কৰিছিল যদিও পিছত ইয়াক ১০০০ টকালৈ বৃদ্ধি কৰা হয়।

পৰিয়ালৰ মহিলা সদস্যই লাভ কৰা এই আঁচনিৰ অধীনত চৰকাৰে সেইসমূহ পৰিয়ালক অগ্ৰাধিকাৰ প্ৰদান কৰিছে য’ত অবিবাহিত যুৱতী/মহিলা, বিধৱা, বিবাহ বিচ্ছেদ ঘটা মহিলা, দিব্যাংগ লোক আদি আছে।

অৰুণোদয় আঁচনিৰ বাবে আৱেদন প্ৰক্ৰিয়া –

  • আৱেদনকাৰীয়ে অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইট (https://www.orunodoi.in/orunodoi/login)-ত যাব লাগিব।
  • অফিচিয়েল ৱেবছাইটৰ হোম পে’জত Application Form PDF Option দেখা পাব।
  • উক্ত আৱেদন ফ’ৰ্মখন ডাউনল’ড কৰি তাত থকা সকলো বাধ্যতামূলক বিৱৰণ ভৰাই আৱেদন পত্ৰখন পূৰণ কৰক।
  • আৱেদন পত্ৰখনৰ লগত বিচৰা সকলো নথি গাঁঠি সেইখন সংশ্লিষ্ট বিভাগত জমা দিয়ক।

আৱেদন ষ্টেটাছ কেনেদৰে জানিব –

  • অৰুণোদয় আঁচনিৰ অফিচিয়েল ৱেবছাইটত যাওক
  • হোমপে’জত থকা view status-ত ক্লিক কৰক
  • এতিয়া জিলাসমূহৰ এখন তালিকা আপোনাৰ সন্মুখন ওলাব
  • ইয়াৰ পৰা আপোনাৰ জিলাখন নিৰ্বাচন কৰক
  • এতিয়া আপোনাৰ সন্মুখত এখন নতুন পে’জ খোলা খাব
  • উক্ত পে’জত আপুনি হিতাধিকাৰীৰ নামটো ভৰাই ‘search’-ত ক্লিক কৰক
  • আৱেদন ষ্টেটাছ আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত দেখা পাব

উল্লেখযোগ্য যে চলিত বৰ্ষৰ এপ্ৰিলত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধন ১০০০ টকাৰ পৰা ১২৫০ টকালৈ বৃদ্ধি কৰা হ’ব বুলি ঘোষণা কৰিছিল। বিদ্যুতৰ মাচুলৰ বাবদ চৰকাৰে হিতাধিকাৰীক ২৫০ টকা অতিৰিক্তকৈ দিয়াৰ সিন্ধান্ত লোৱা বুলি মুখ্য মন্ত্ৰী কৈছিল।

লগতে পঢ়ক – Assam Flood : এতিয়াও জলমগ্ন হৈ আছে ৰাজ্যৰ ১৫ টা ৰাজহ চক্ৰৰ ৪১৬ খন গাঁও

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply