হাউলী, যুগান্ত বায়ন: বিগত ১৯২৯ চনৰ পৰা আৰম্ভ হোৱা হাউলী ৰাস উৎসৱ বৰ্তমান ৰাস মহোৎসৱ লৈ পৰিণত হৈছে। ৰাস উৎসৱৰ প্ৰথম গৰাকী সভাপতি বিশিষ্ট নাগৰিক বিশ্বনাথ দাস আৰু সম্পাদক গৰ্জনচন্দ্ৰ সৰকাৰৰ সৱল নেতৃত্বত হাউলীত ৰাস উৎসৱৰ পাতনি মেলা হৈছিল। তাৰ পিছৰ পৰাই হাউলী ৰাস উৎসৱে অবিৰতভাৱে বিভিন্ন ধৰ্ম, ভাষাৰলোকৰ লগতে বিভিন্ন জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি, পৰম্পৰা, সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ এক বিশাল মঞ্চ গঢ়ি তোলাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

হাউলী ৰাস মহোৎসৱে ৯৪ বছৰ অতিক্ৰম কৰি সম্প্ৰতি ৯৫ বছৰত ভৰি দিছে। হাউলী চহৰক কেন্দ্ৰ কৰি চাৰিওফালে অৱস্থিত খিলঞ্জীয়া অসমীয়া বড়ো, কছাৰী, কোচ-ৰাজবংশী, নেপালী, বঙালী আদি বিভিন্ন জনগোষ্ঠীৰ বসতিপূৰ্ণ ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত হাউলী ৰাস মহোৎসৱে সম্বনয় আৰু সম্প্ৰীতিৰ বিৰল চানেকি গঢ়ি তুলিবলৈ সক্ষম হৈছে। আনকি হাউলীৰ আশে-পাশে থকা ইছলাম ধৰ্মী লোকসকলেও ৰাস মহোৎসৱ লৈ আগবঢ়োৱা অৱদান অতুলনীয়। ধৰ্ম পৰায়ন সত্ত্যাশ্ৰয়ী শান্তিকামী ৰজা চণ্ডীনাৰায়ণ বৰুৱাৰ গৌৱোজ্জল ইতিহাস প্ৰসিদ্ধ হাউলী ৰাস মহোৎসৱ আজি মানৱ প্ৰেমৰ উৎপত্তি স্থলী হিচাপে বিবেচিত হৈছে।

সমগ্ৰ অসমৰে এক জাতীয় উৎসৱত পৰিণত হোৱা ৰাসৰ সু-বিশাল মঞ্চত প্ৰতি নিশাই অনুষ্ঠিত হোৱা বিভিন্ন জাতি-জনগোষ্ঠীৰ বৰ্নিল আৰু চহকী কৃষ্টি- সংস্কৃতিয়ে সমগ্ৰ অঞ্চলটোকেই সংস্কৃতিৰ এক মহামিলনৰ থলী লৈ ৰূপান্তৰ কৰি আছে আৰু ভৱিষ্যতলৈও কৰি থাকিব। প্ৰতিবছৰে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ পথিতযশা ব্যক্তিসকলৰ মাজৰ এজনক হাউলী বঁটাৰে সন্মানিত কৰি সাহিত্য ক্ৰীড়া আৰু মানৱ সম্পদ সৃষ্টিৰ ক্ষেত্ৰত নতুন প্ৰজন্মক উৎসাহিত কৰাৰ কাৰণে এক অভিলাসী কাৰ্য্যক্ৰম গ্ৰহণ কৰি অহা হৈছে।

ৰাস মহোৎসৱে কেৱল ধৰ্মীয় সামাজিক আৰু সাংস্কৃতিক উত্তৰণৰ ক্ষেত্ৰতেই সীমাৱদ্ধ নাথাকি বৃহত্তৰ হাউলী এলেকাৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ কাৰণে বিভিন্ন পন্থা অৱলম্বন কৰি আহিছে। এই মহোৎসৱৰ জৰিয়তে মহোৎসৱৰ এমাহ দুমাহ আগৰ পৰাই স্থানীয় যুৱকসকলৰ মাজত ব্যৱসায়-বাণিজ্য কৰাৰ পৰিৱেশ আৰু মানসিকতা গঢ়ি উঠাটো এক শুভ লক্ষণ।

এই বৰ্ণিল ৰাস মহোৎসৱৰ প্ৰাক মূহুৰ্তত আমি সোঁৱৰণ কৰিছোঁ সেইসকলক যিসকলৰ আপ্ৰাণ পৰিকল্পনা আৰু প্ৰচেষ্টাৰ ফলত আহি হাউলী ৰাজ মহোৎসৱে অসম তথা ভাৰতৰ উপৰিও বিদেশৰ লোককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

এই মূহুৰ্তত মন লৈ আহিছে হাউলী ৰাস উৎসৱে ব্যাপকতা লাভ কৰাৰ ক্ষেত্ৰত অকৃত্ৰিমভাৱে অৰিহণা যোগোৱা প্ৰয়াত যাদৱচন্দ্ৰ দাস, ডা⁰ সুৰেন্দ্ৰনাথ দাস, সৰ্বানন্দ দাস, সত্যনাথ দাস, সুৰেন দাস, যোগেশ নাথ, কানাইলাল বোথ্ৰা, জমিদাৰ বড়ো, প্ৰফুল্লকুমাৰ সাহা,  নিকুঞ্জ বিহাৰী সাহা, সূৰ্য্য চৌধুৰী, চণ্ডীচৰণ দাস, অকন কুমাৰ পাঠক, নিশিথ দাস, সতেন্দ্ৰ পাঠক, নিহাৰেন্দু চৌধুৰী, বিবেকানন্দ চৌধুৰী, ভৈৰৱ দাস, জনাৰ্দন দাস, নিপেন চৌধুৰী, বিবেক তালুকদাৰকে ধৰি অনেক অলেখ ৰাসৰ দুৰন্ত অশ্বাৰোহী নিৰ্ভীক লোকৰ অনবৈদ্য অৱদানক।

এইসকল মহান লোকৰ কৰ্মৰাজিক যথাযথ স্বীকৃতি আৰু সন্মান জনাই আমি ভৱিষ্যতৰ দিশত অগ্ৰসৰ হ’ব লাগিব। আজিৰ পৰিবৰ্দ্ধিত পৰিস্থিতিত ৰজা চন্দীনাৰায়ণ বৰুৱাৰ ঐতিহ্য ৰক্ষাৰ হেতু আমি প্ৰতিজনে ত্যাগৰ মন্ত্ৰেৰে দলা-দলি, বিভেদ পৰিহাৰ কৰি ঐক্যবদ্ধভাৱে একো একোখন মঞ্চ পৰিহাৰ কৰিব লাগিব নতুন চিন্তাধাৰা তথা পৰিকল্পনাৰে।

ঠেক গণ্ডিৰ পৰা আঁতৰত থাকি এক স্বাধীন আৰু নতুন চিন্তাৰ নতুন হাউলী গঢ়ি তুলিব লাগিব। আমি সকলোৱে মনত ৰখা দৰকাৰ যে বিনম্ৰ পৰোপকাৰী চণ্ডীনাৰায়ণ বৰুৱাক চুবুৰীয়া বৰুৱা হলকান্তই ব্যক্তিগত আশেজ পূৰণ কৰিবলৈ গৈ মানৰ সহায়ত ৰাজ হাউলী থানবান কৰি চণ্ডীনাৰায়ণ বৰুৱাক মানৰ হাতত তুলি দিছিল।

মানৰ হাতত লুণ্ঠিত হৈছিল ৰাজ হাউলীৰ গৌৰৱময় অনুলনীয় ঐতিহ্য। সেয়েহে এই ঐতিহাসিক দৃষ্টান্তৰ মৰ্ম উপলব্ধি কৰি আমি সকলোৱে স্বদেশ প্ৰেম আৰু ঐক্যৰ বান্ধোন অধিক শক্তিশালী কৰাৰ শপত ল’ব লাগিব এই ৰাস মহোৎসৱৰ পবিত্ৰথলীত।

লগতে পঢ়ক – অসমত হ্ৰাস পাইছে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply