গুৱাহাটীঃ ২৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা ন বজাত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ঘোষণা কৰিব ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে এই সন্দৰ্ভত ঘোষণা কৰে।
ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ৰোল নম্বৰ ব্যৱহাৰ কৰি অনলাইনযোগে নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব।sebaonline.org, resultsassam.nic.in, results.shiksha, assamresult.in, assamresult.co.in এইকেইটা ৱেবচাইটত শিক্ষাৰ্থীসকলে চাব পাৰিব ফলাফল। এইবাৰ ১৫ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। এইবাৰ কলা, বিজ্ঞান, আৰু বাণিজ্য শাখাত সৰ্বমুঠ ৭৯৬টা পৰীক্ষা কেন্দ্ৰত প্ৰায় ২.১৫ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বিগত বছৰ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৯৯.০৬ শতাংশ, কলা শাখাত ৯৮.৯৩ শতাংশ আৰু বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে ছেবাই দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছিল। ২৭জুনত ঘোষণা কৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল।