গুৱাহাটীঃ কোভিডৰ ভয়াবহতাৰ বাবে এই বৰ্ষত অনুষ্ঠিত নহয় মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। 

বুধবাৰে পুনৰ ছেবাৰ ৯ জনীয়া উচ্চ স্তৰীয় কমিটীখনে অনুষ্ঠিত কৰা প্ৰায় ৮ ঘণ্টাজোৰা বৈঠকত লৈছে আকৌ কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নৱম শ্ৰেণীত অনুষ্ঠিত হোৱা গোট পৰীক্ষা, ছয়মাহিলী পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি ফলাফল ঘোষণা কৰা হ’ব।

আৰু পঢ়কঃঅভিভাৱক সচিবৰ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে পৰ্যালোচনা সভা

দশম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰো চোৱা হ’ব যদিও নৱম শ্ৰেণীৰ পৰীক্ষাৰ নম্বৰক প্রাধান্য দিয়া হ’ব।

কোভিডৰ সংক্রমণৰ বাবে বিগত বর্ষত বহু বিদ্যালয়ে অনুষ্ঠিত কৰিব পৰা নাছিল দশম শ্রেণীৰ প্রি–টেষ্টৰ লগতে গোট পৰীক্ষা ৷ সেয়েহে নৱম শ্রেণীৰ পৰীক্ষাসমূহত যিহেতু সকলো শিক্ষার্থীয়ে অৱতীর্ণ হৈছিল, তাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কমিটীখনে গ্রহণ কৰিছে ৷

আনহাতে এইবাৰ মেট্রিক পৰীক্ষাত পূর্বৰ দৰে নাথাকিব ১০টা শীর্ষস্থানৰ ব্যৱস্থা ৷

কোনো শিক্ষার্থীয়ে যাতে প্রকৃত ন্যায় লাভৰ পৰা বঞ্চিত নহয়, তাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি কমিটীখনে উল্লেখ কৰে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply