নিউজ ডেস্ক : বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাত অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গুলী বাৰুদৰ অৱশিষ্ট উদ্ধাৰ কৰা বুলি মঙলবাৰে জানিবলৈ দিয়ে।

প্ৰাপ্ত তথ্য মতে সোমবাৰে জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নিৰ্দেশমৰ্মে আজি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে দৰঙামেলা আৰক্ষীৰ সহযোগত অভিযান চলাই উক্ত বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে দুজন লোকক আটক কৰিছে যদিও তদন্তৰ খাতিৰত এই পৰ্য্যন্ত তেওঁলোকৰ নাম প্ৰকাশ কৰা নাই।

উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে ১৫১ টা TPTৰ অৱশিষ্ট, ৫ টা 84 MM চেলৰ অৱশিষ্ট, ৩ টা বিগ চেলৰ অৱশিষ্টৰ লগতে প্ৰায় ২০০কেজি গুলী-বাৰুদৰ অৱশিষ্ট।

দৰঙামেলা এইচ ইছক্ৰেপ ডীলাৰ নামৰ প্ৰতিষ্ঠানটোৰ পৰা উক্ত সামগ্ৰী সমূহ জব্দ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ভাৰত-ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জৰ পৰা অঞ্চলটোৰ এচাম লোকে গুলী বাৰুদৰ অৱশিষ্ট বুটলি এটা চক্ৰক বিক্ৰী কৰি আহিছে।

গুলীৰ অৱশিষ্ট বুটলিবলৈ গৈ পূৰ্বতে বহুকেইজন লোকৰ গুলী-বাৰুদৰ বিস্ফোৰণ ঘটি মৃত্যু পৰ্য্যন্ত ঘটিছে। যোৱা ৬ অক্টোবৰতো শুকানজুলি ফায়াৰিং ৰেঞ্জত গুলীৰ অৱশিষ্ট বুটলিব গৈ এটি ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হৈছিল।

লগতে পঢ়ক : তালিবানক সমৰ্থন জনোৱা ১৪ জনে লাভ কৰিলে জামিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply