প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটীঃ তামুলপুৰত চাঞ্চল্যকৰ ঘটনা। গুটখা চুৰিৰ অভিযোগত মাৰপিট কৰা বাবে ১৫ বছৰীয়া কিশোৰৰ আত্মহত্যা। এই ঘটনাৰ লগত জড়িত তিনিজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৩১মাৰ্চত এখন দোকানৰ পৰা গুটখাৰ পেকেট চুৰিৰ অভিযোগত শনিবাৰে কিশোৰ দুজনক গোৰেশ্বৰৰ নাওকাটাৰ পূব ডেফেলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ মাতি অনা হৈছিল। ছাত্ৰ নেতাকেইজনে ল’ৰা দুজনক চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ তুলি প্ৰহাৰ কৰে আৰু জৰিমনা হিচাপে তেওঁলোকৰ পৰিয়ালৰ পৰা ৫০০০ টকাকৈ দাবী কৰে।

এজন কিশোৰৰ পৰিয়ালে ৫,০০০ টকা দিবলৈ সক্ষম হোৱাত তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছিল আৰু আনজন কিশোৰৰ পিতৃয়ে ধন যোগাৰ কৰিব নোৱাৰাত কিশোৰ জনক পুনৰ মাৰধৰ কৰে। অৱশেষত অপমান সহ্য কৰিব নোৱাৰি কিশোৰজনে আত্মহত্যাৰ দৰে পন্থা বাচি লয় বুলি অভিযোগ উত্থাপন হৈছে।

কিশোৰজনৰ মৃত্যুৰ পিছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। স্থানীয়লোকে পূব ডেফেলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে।

দেওবাৰে পুৱাই আৰক্ষীয়ে পূব ডেফেলি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়টো চীল কৰি দিয়াৰ লগতে কিশোৰজনৰ প্ৰহাৰৰ ঘটনাত জড়িত থকা তিনিজনক গ্ৰেপ্তাৰ কৰে। আনহাতে তামুলপুৰ জিলা ছাত্ৰ সন্থাই ঘটনাৰ লগত জড়িত ডেফেলি আঞ্চলিক ছাত্ৰ সন্থাৰ চাৰিজন ছাত্ৰনেতাক নিলম্বন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply