গুৱাহাটী: গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ এটা ভাৰা ঘৰৰ বন্ধ কোঠাৰ ভিতৰত যোৱা কেইবাদিন ধৰি হায়দৰাবাদৰ এগৰাকী যুৱতীৰ ওপৰত ধৰ্ষণ কাৰ্য সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি হাৰিয়ানাৰ সুহিদ চৌধুৰী নামৰ এজন যুৱকে সংঘটিত কৰিছিল এই কাৰ্য। যুৱতীগৰাকীয়ে কৰা অভিযোগ মতে, সুহিদে তেওঁক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল যদিও ঘৰটোৰ এখন খিৰিকী ভাঙি তেওঁ কিবা প্ৰকাৰে তাৰ পৰা পলায়ন কৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে ভৰলুমুখ আৰক্ষী থানাত যুৱতী গৰাকীয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৪২(Wrongful confinement)/৩২৫(voluntarily causing grievous hurt)/৩৭৬(Rape)অধীনত ২০৩/২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি অভিযুক্ত যুৱকজনক সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই।

অৱশ্যে আৰক্ষীয়ে পলাতক যুৱকজনৰ AS01-EP-2535 নমম্বৰৰ গাড়ীখন জব্দ কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ২০২১ চনৰ ১৪ ছেপ্টেম্বৰত National Crime Records Bureau (NCRB)-এ প্ৰকাশ কৰা এক প্ৰতিবেদন মতে ২০২০ চনত অসম একেৰাহে চতুৰ্থ বছৰৰ বাবে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰত শীৰ্ষ স্থানত আছে।

২০১৬ চনৰ পৰা ২০২১ চনৰ ৩১ জুলাইলৈ অসমত ১৮,৬৯৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, ইয়াৰে ৭,৬০৭ গৰাকী ভুক্তভোগীয়ে হৈছে নাবালিকা। আনহাতে এই সময়ছোৱাত মুঠ ১৫,৪৪৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে ১৩,৯৪৩ খন চাৰ্জশ্বীট দাখিল কৰা হৈছে।

লগতে পঢ়ক – শীঘ্ৰে অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিব বহু হিতাধিকাৰীৰ! চাওক কি ক’লে মুখ্য মন্ত্ৰীয়ে..

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply