তিনিচুকীয়া : অসম বিধানসভাৰ শীতকালীন অধিৱেশনত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাত অবৈধ কয়লা বন্ধ থকা বুলি দাবী কৰাৰ বিপৰীতে মাৰ্ঘেৰিটাত এতিয়াও পূৰ্ণগতিত চলি আছে কয়লাৰ অবৈধ সৰবৰাহ।
উল্লেখ্য যে বিভাগীয় নিৰ্দেশ অনুসৰি ২০২০ চনৰ ৩ জুনৰ পৰা উত্তৰ-পূব কয়লা ক্ষেত্র বন্ধ হৈ আছে। কিন্তু দীৰ্ঘদিন ধৰি কয়লা খনন বন্ধ হৈ থকাৰ পাছটো মাৰ্ঘেৰিটাৰ পৰা দৈনিক ট্ৰাকে ট্ৰাকে কয়লা সৰবৰাহ হৈ আছে।

অবৈধ কয়লা সৰবৰাহ বন্ধ কৰিবৰ বাবে ২৪ ডিচেম্বৰত তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছে উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।
তিনিচুকীয়া যুৱ কংগ্রেছে জিলাখনৰ মাৰ্ঘেৰিটা, বৰগোলাই, লিডু, আৰাধৰা, নামটক, চেলেকি টিপং অঞ্চলৰ পৰা কয়লা মাফিয়া চক্ৰই বন বিভাগ, আৰক্ষীক মেনেজ কৰি কয়লাৰ অবৈধ চিণ্ডিকেট চলাই থকাৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানলৈ কয়লা সৰবৰাহৰ অভিযোগ আনে।
যুৱ কংগ্রেছে মাফিয়া চক্রটোৱে চিণ্ডিকেটৰ নামত প্ৰতি খন দাম্পাৰৰ পৰা ১৮০০০ টকালৈকে আৰু প্ৰতিখন ট্ৰাকৰ পৰা ৫০০০০ টকালৈকে সংগ্ৰহ কৰাৰ অভিযোগ আনিছে।

উল্লেখ্য যে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা ব্যৱসায় চলিত বৰ্ষতে প্ৰথম নহয়, ২০১৯ চনৰ ১২ মাৰ্চত তিনিচুকীয়াৰ জিলাৰ সেই সময়ৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক Directorate of geology & mining, Assam-ৰ সঞ্চালক এ চি এছ জি এছ পে’শ্বৰ (GS Paeswar)-এ ১৯জনীয়া কয়লা চুৰৰ নাম উল্লেখ কৰি এখন পত্ৰৰ যোগেদি ব্যৱস্থা লবলৈ আহ্বান জনাইছিল। পুনৰ একেই কেইজন কয়লা চুৰৰ নেতৃত্বতে কয়লা সৰবৰাহ চলি থকাৰ অভিযোগ আনিছে যুৱ কংগ্রেছে।
ছাত্র মুক্তি সংগ্ৰাম সমিটিৰ বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিৰ সম্পাদক মন্তোস মৰাণে কয়লা সৰবৰাহৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্য মন্ত্রীয়ে সদনত মাৰ্ঘেৰিটাত কয়লা খনন বন্ধ হৈ থকাৰ কথা কোৱাৰ পাছটো নিশা ৰাজপথত শ শ কয়লা গাড়ী কৰ পৰা নিছে বুলি প্ৰশ্ন কৰে।
বিভাগীয় নিৰ্দেশৰ পিছত মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন বন্ধ হৈ পৰিছিল যদিও যোৱা দুই-তিনি মাহৰ পৰা পুনৰ কয়লাৰ অবৈধ খননকাৰ্য্য চলি আহিছে বুলি উল্লেখ কৰি এগৰাকী আৰ টি আই কৰ্মী তথা ‘গ্ৰীন বাৰ্ড ছ’চাইটি’ৰ সাধাৰণ সম্পাদক দেৱজিৎ মৰাণে জানিবলৈ দিয়ে।
”টিৰাপ, টিপং, পাহাৰপুৰ, বমগাৰা আদি অঞ্চলৰ পৰা সম্পূৰ্ণ অবৈধভাৱে কয়লাৰ সৰবৰাহ এতিয়াও চলি আছে। দৈনিক দুশ-তিনিশ ট্ৰাক গৈ থাকে, এইদৰে অবৈধভাৱে কয়লা খনন হৈ থাকিলে আমাৰ পাহৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব। সেয়ে আমি কয়লাৰ অবৈধ খনন বন্ধ কৰিবলৈ দাবী জনাইছো,” তেওঁ কয়।
লগতে পঢ়ক : অমিক্ৰণ; মাস্কক লৈ দুঃ চিন্তাত পৰিছে চিকিৎসা বিশেষজ্ঞ