চৰাইদেউ : চৰাইদেউ জিলাৰ আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন স্থানত মঙলবাৰে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়।

সোণাৰি আৰক্ষীৰ সহযোগত চলোৱা এই অভিযানকালত জিলাখনৰ আইদেউবাৰী, লংপতীয়া, টীয়কহাবি, বেঙেনাবাৰী, সোণালীপাম, গুটিঘাট আদি অঞ্চলত বহুকেইটা অবৈধ চুলাই মদৰ ঘাটি উচ্ছেদ কৰা হয়।

অভিযানকাৰী দলটোৱে প্ৰায় ৮৮০ লিটাৰ চুলাই মদ তৈয়াৰ কৰাত ব্যবহৃত গেলা পাছ, ৩০ লিটাৰ চুলাই মদ আৰু ৬টা চুলাই মদ প্ৰস্তুত কৰা যন্ত্ৰ উচ্ছেদস্থানতে ধ্বংস কৰে।

উল্লেখযোগ্য যে, চৰাইদেউ জিলাত আৰক্ষী আৰু আবকাৰী বিভাগে ধাৰাবাহিকভাবে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ পিছতো এচাম ব্যক্তিয়ে অহৰ্নিশে অবৈধ সুৰাৰ প্ৰস্তুত, বিক্ৰী তথা সেৱন অব্যাহত ৰাখিছে।

এইক্ষেত্ৰত আৰক্ষী আৰু আবকাৰী বিভাগক অধিক কঠোৰভাৱে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলোৱাৰ পোষকতা কৰিছে জিলাখনৰ সচেতন ৰাইজে।

লগতে পঢ়ক : চলিত সপ্তাহতে ঘোষণা কৰা হ’ব অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply