ৰঙীয়া: ৰঙিয়াত চলিছে বালিৰ ৰমৰমীয়া বেহা। নিৰ্বিকাৰ বন বিভাগৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য্যালয়। প্ৰতিদিনে অবৈধ খনন চলিছে পুঠিমাৰী নৈত।
পুঠিমাৰী নৈৰ পৰা অবৈধ খনন চলাই ফকলেণ্ড আৰু এস্কেভেটৰে বালিৰ খনন চলাই আহিছে। চালান অবিহনেই ট্ৰেক্ট্ৰৰ আৰু ডাম্পাৰ আদিৰে সৰবৰাহ কৰি আছে বজাৰ আদিলৈ।
এইবোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাওঁত বহি আছে উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্য্যালয়ৰ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী আৰু বিট অফিচাৰ। পিছে কাৰ নেতৃত্বত চলিছে এই অবৈধ বালিৰ সৰবৰাহ?
বন বিভাগক মেনেজ নকৰাকৈ কেনেদৰে সম্ভৱ হৈছে কোটি কোটি টকাৰ অবৈধ বেহা চলোৱাটো। এই প্ৰশ্নৰ উত্তৰ হয়তো আপুনি নিশ্চয়কৈ গম পাইছে। এনেদৰে পুঠিমাৰী নৈৰ পৰা বালি খনন কৰাৰ পিছত বন বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সচেতন লোকসকল ।
চৰকাৰক ৰাজহুৱা কৰ ফাকি দি কোটি কোটি টকাৰ অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত ইতিমধ্যে কেইবাটাও ছাত্ৰ সংগঠনে স্মাৰক পত্ৰ দিছে মহকুমাধিপতিক। কিন্তু কোনো তদন্তই কৰা নহল অবৈধ বালি খননৰ ওপৰত।
বন বিভাগ আৰু মহকুমা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰে দল সংগঠন সমূহে । এই ঘটনাটোৰ সৈতে কোন কোন জড়িত আছে তাক লৈ প্ৰশাসনে তদন্ত আৰম্ভ কৰিবলৈ দাবী উত্থাপন কৰিছে সচেতন মহলে।
লগতে পঢ়ক – কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ