সোণাৰি : অৱশেষত গা লৰিল কৃষি বিভাগৰ। সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লংপতীয়াত ১৯৬৯ চনতে স্থাপন কৰা কৃষি বীজপামখন পৰিত্যক্ত অৱস্থাত থকাৰ বিষয়ে সংবাদ মাধ্যমত কিছুদিন পূৰ্বে এটা বাতৰি প্ৰচাৰ হৈছিল।
তথ্যসহ বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই চৰাইদেউ জিলা কৃষি বিভাগে গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ। সমান্তৰালভাৱে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰি কৃষি বিভাগৰ সহযোগিতাৰে কিদৰে কৃষি পামখন পুনৰ কাৰ্যক্ষম কৰিব পাৰি তাক লৈ এতিয়া তৎপৰ হৈ পৰিছে।
উল্লেখযোগ্য যে সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনত স্থাপন কৰা এই কৃষি বীজপাম খন বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি মৃতপ্ৰায় অৱস্থাত পৰি থকাৰ বিষয়ে বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই কৃষি পামখন পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে হাল বোৱাৰ লগতে বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপণ কৰা হৈছে সম্প্ৰতি।
এইদৰে জৰাজীৰ্ণ কৃষি পামখনৰ বিষয়ে বাতৰিৰ জৰিয়তে কতৃপক্ষৰ দৃষ্টিগোচৰ কৰাত প্ৰকাৰন্তে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তথা চৰাইদেউ জিলা কৃষি বিষয়া অৰুণ চাংকাকতীয়ে সংবাদ মাধ্যমৰ শলাগ লয়।
মন কৰিবলগীয়া যে, লংপতীয়া কৃষি বীজপামখন পুনৰজীৱিত কৰি তুলিবলৈ প্ৰথম পৰ্যায়ত এক লাখ টকা ব্যয় সাপেক্ষে পামখনত বিভিন্ন প্ৰজাতিৰ থলুৱা ফলমুলৰ পুলি ৰোপনৰ লক্ষৰে হাতেকামে লাগি পৰিছে চৰাইদেউ জিলা কৃষি বিভাগ।
চৰাইদেউ জিলা কৃষি বিষয়া অৰুণ চাংকাকতীৰ নেতৃত্বত সুপৰিকল্পিত আঁচনিৰ জৰিয়তে এই কাৰ্য সফল কৰি তুলিবলৈ জিলাখনৰ যথেষ্ট সংখ্যক কৃষকেও সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে।
লগতে পঢ়ক : এগৰাকী কমলা বিক্ৰতাৰ মহানতা! ‘পদ্মশ্ৰী’ বঁটাৰে সন্মানিত হৰেকালা হজব্বা