গুৱাহাটী: অসম চৰকাৰে Ruchi Soya Industries Limited (বৰ্তমান পতঞ্জলী ফুডছ লিমিটেড হিচাপে পৰিচিত)-ৰ অসমত পাম তেলৰ খেতি আৰু তেলৰ মিলৰ ব্যৱসায়ৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

উল্লেখযোগ্য যে Ruchi Soya ইণ্ডাষ্ট্ৰিজ লিমিটেড বিগত বহু বছৰ ধৰি মিজোৰাম আৰু অৰুণাচল প্ৰদেশকে ধৰি ভাৰতৰ ৯খন ৰাজ্যত পাম তেলৰ খেতি তথা ব্যৱসায় কৰি আহিছে।

জানিব পৰা মতে, অসমৰ সাতখন জিলা (তিনিচুকীয়া, যোৰহাট, গোলাঘাট, নগাঁও, কামৰূপ আৰু গোৱালপাৰাৰ কিছু অংশ)-ত পাম তেলৰ খেতিৰ প্ৰসাৰৰ বাবে Ruchi Soya-ক আৱণ্টন কৰা হৈছে।

ৰাজ্য চৰকাৰৰ কৃষি বিভাগে Ruchi Soya ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সৈতে অলপতে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি উক্ত জিলা কেইখন আৱণ্টন কৰে।

উল্লেখযোগ্য যে ২০২২ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ Ruchi Soya ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ নাম পতঞ্জলী ফুডছ লিমিটেডলৈ সলনি কৰা হয়।

লগতে পঢ়ক – অসম বৈভৱ ৰতন টাটাৰ সপোনে পোশা মেলিলে টীয়কত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply