গুৱাহাটী: অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা উপলক্ষে জনসাধাৰণৰ বিশেষকৈ শিশু, ছাত্ৰ-ছাত্ৰী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

যান-বাহন আৰক্ষীৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰকাশিত এক প্ৰেছ বিজ্ঞপ্তিত জনোৱা মতে –

১. ২২ৰ পৰা ২৬ জুনলৈ কামাখ্যা পাহাৰৰ তলৰ পৰা কামাখ্যা মন্দিৰলৈ ফেৰি কাৰ, অত্যাৱশ্যকীয় সোৱাৰ সৈতে জড়িত গাড়ী আৰু জিলা প্ৰশাসনৰ দ্বাৰা অনুমতি লাভ কৰা কামাখ্যা মন্দিৰৰ কিছ গাড়ী তথা স্থানীয় লোকৰ গাড়ীৰ বাহিৰে আন কোনো বাহন চলাচল কৰিব নোৱাৰিব।

২. এই সময়ছোৱাত ডি জি ৰ’ড, এম জি ৰ’ড আৰু টি আৰ ফুকন ৰ’ডত ASTC-কে ধৰি কোনো আন্তঃজিলা আৰু দূৰৱৰ্তী বাছৰ চলাচল কৰিব নোৱাৰিব।

৩. এই সময়ছোৱাত ডি জি ৰ’ড আৰু এম জি ৰ’ডত মালবস্তু কঢ়িওৱা কোনোধৰণৰ গধুৰ, মজলীয়া আৰু লঘু ব্যৱসায়িক বাহন চলাচল কৰিবলৈ দিয়া নহ’ব। অৱশ্যে, নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ মালবস্তু কঢ়িওৱা তিনিচকীয়া ব্যৱসায়িক বাহন চলাচল কৰিব পাৰিব।

৪. ভৰলুমুখৰ দিশৰ পৰা কামাখ্যা গে’টৰ দিশে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গে’টৰ সমীপত নমাই আদাবাৰীৰ দিশে গুচি যাব আৰু বৰিপাৰা ফিল্ডত বা আদাবাৰী বাছ আস্থানত গাড়ীখন পাৰ্ক কৰিব।

৫. মালিগাঁও দিশৰ পৰা কামাখ্যা গে’টৰ দিশে অহা বাহনসমূহে ভক্তসকলক কামাখ্যা গে’টৰ সমীপত নমাই ভৰলুমুখ দিশে গুচি যাব আৰু সোণাৰাম ফিল্ডত গাড়ীবোৰ পাৰ্ক কৰিব।

৬. নতুনকৈ নিৰ্মাণ কৰা পাণ্ডু মন্দিৰ ঘাটৰ পৰা কামাখ্যা ত্ৰিনাথ মন্দিৰলৈ পথছোৱাত কোনো বাহন চলাচল কৰিবলৈ দিয়া নহ’ব।

লগতে পঢ়ক – বিজেপি চৰকাৰৰ ‘প্ৰতাৰণা’ৰ বিৰুদ্ধে বোকাখাতত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply