আমিনাগাওঁ : সমগ্ৰ দেশৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগতো আজি আন্তৰ্জাতিক নাৰী দিৱস ২০২২ উদযাপন কৰা হয়। এই উপলক্ষে আজি কুমাৰ ভাস্কৰ বৰ্মন খেল পথাৰত কামৰূপ জিলাৰ বিভিন্ন বিভাগৰ মহিলা বিষয়া-কৰ্মচাৰীসকলৰ মাজত টেকেলী ভঙা আৰু মিউজিকেল চেয়াৰ আদি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে’তথা অতিৰিক্ত উপায়ুক্তসকল আৰু অন্যান্য বিষয়া-কৰ্মচাৰীসকলৰ উপস্থিতিত এই ক্ৰীড়া প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে। খেলৰ অন্তত বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
আনহাতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় টিবি মুক্ত কাৰ্যসূচীৰ অধীনত টিবি সম্পৰ্কে এই স্থানতে এক সজাগতামূলক কাৰ্যসূচীৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত দুগৰাকী টিবি আৰোগ্য ৰোগীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।
উল্লেখযোগ্য যে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে কামৰূপ জিলাতো বিভিন্ন কাৰ্যসূচীৰে জিলা দিৱস উদযাপনৰ দিহা কৰা হৈছে। যিহেতু ৩১ মাৰ্চত এই জিলাখন গঠন কৰা হৈছিল, সেয়ে মাহজোৰা কাৰ্যসূচীৰে এই দিনটোত জিলা দিৱস পালনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে ৰাইজৰ মাজত মোবাইল ফটোগ্ৰাফী প্ৰতিোগিতাৰো আয়োজন কৰা হৈছে। আনহাতে এই দিৱস উদযাপনৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো দিহা কৰা হৈছে।
লগতে পঢ়ক – চুমিত আৱদ্ধ অন্তিম ৬৯৪ গৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ নিৰাপদ স্থানলৈ যাত্ৰা