নিউজ ডেস্ক: নগাঁৱৰ প্ৰাক্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক ৰাজ্যৰ সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্ত কৰা হৈছে। ৰাজ্যৰ গৃহ বিভাগে এক বিজ্ঞপ্তি জাৰি কৰি এই কথা সদৰী কৰে।
‘বৰ্তমান অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত নিযুক্ত হৈ থকা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সহকাৰী আৰক্ষী মহা পৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্ত কৰা হৈছে,’ বিজ্ঞপ্তিটোত কোৱা হয়।
উল্লেখযোগ্য যে নগাঁৱত ছাত্ৰ নেতা কৃৰ্তীকমল বৰাৰ এনকাউন্টাৰ বিতৰ্কত সোমাই যোৱা ১০ ফেব্ৰুৱাৰীত নগাঁৱৰ পৰা বদলি হ’ব লগীয়া হৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ।
বিগত বৰ্ষৰ মে’ মাহত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰা সততে চৰ্চাত থকা মিশ্ৰই নগাঁৱৰ পূৰ্বে ধুবুৰীৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল।
লগতে পঢ়ক – খুমটাইত ভূৱা পৰিচয়েৰে যুৱতীক বিবাহ, তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ