নিউজ ডেস্ক – ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া অসম সন্তান ড. সুজয় লাল থাওছেনক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ চমুকৈ চি আৰ পি এফৰ নতুন সঞ্চালক প্ৰধানৰূপে নিযুক্তি দিয়া হৈছে।
উল্লেখ্য যে সম্প্ৰতি সশস্ত্ৰ সীমা বাহিনী চমুকৈ এছ এছ বিৰ ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে থাওছেনে।
ইয়াৰ লগতে তেওঁ ইণ্ড’ তিব্বত বৰ্ডাৰ পুলিচ চমুকৈ আই টি বি পিৰ সঞ্চালক প্ৰধান হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। ইপিনে, আই টি বি পিৰ নতুন সঞ্চালক প্ৰধানৰূপে আনিশ দয়াল সিঙক নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
জ্যেষ্ঠ আইপিএছ বিষয়া আনিছ দয়াল সিঙে সোমবাৰে চীনৰ সৈতে ৩,৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সুৰক্ষা দিয়া ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান (ডিজি) হিচাপে দায়িত্ব গ্ৰহণ কৰে।
মণিপুৰ কেডাৰৰ ১৯৮৮ বেচৰ বিষয়াজনক তেওঁৰ বেচমেট এছ এল থাওছেনে আনুষ্ঠানিক দায়িত্বভাৰ প্ৰদান কৰে। যিয়ে সঞ্জয় অৰোৰাক দিল্লী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়াৰ পিছত আগষ্ট মাহৰ পৰা প্ৰায় ৯০,০০০ কৰ্মচাৰীসমৃদ্ধ বাহিনীৰ অতিৰিক্ত দায়িত্ব বহন কৰি আহিছে।