প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৰাজ্যত বান পৰিস্থিতিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰা দেখা যায়। ৰাজ্যৰ বিভিন্ন ঠাইত এই পৰ্য্যন্ত ৫ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। অসমৰ মানুহ বানপানীৰ সৈতে অভ্যস্ত হৈ পৰিছে যদিও বতৰ বিজ্ঞান বিভাগৰ তথ্য মতে যোৱা কিছু বছৰত অতিপাত বৰষুণ পৰা দিন বৃদ্ধি পাবলৈ ধৰিছে।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ তথ্য মতে ২০২০ চনতো অসমত ৫ লাখতকৈ অধিক লোক বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। মে’ৰ পৰা আগষ্টলৈকে এই চাৰি মাহত ১,৫০,০০০ তকৈ অধিক লোকক ৬২৭ টা আশ্ৰয় শিবিৰত ৰাখিব লগীয়া হৈছিল।
বানৰ কবলত পৰা বেছিভাগ লোকৰ বাবে আশ্ৰয় শিবিৰ সমূহেই হৈছে থকাৰ একমাত্ৰ স্থলী য’ত তেওঁলোকে সপ্তাহৰ পৰা ধৰি মাহ পৰ্য্যন্ত পাৰ কৰিব লগীয়া হয়। বিভিন্ন ঠাইত বানপানীৰ সময়ছোৱাত চৰকাৰী বিদ্যালয় গৃহসমূহতে আশ্ৰয় শিবিৰ পাতিব লগীয়া হয়।
বেছিভাগ ক্ষেত্ৰতে এই বিদ্যালয় গৃহসমূহৰ অৱস্থা তেনেই দুখলগা, বহু এনে স্কুলত আনকি আজি পৰ্য্যন্ত বিদ্যুৎ সংযোগ স্থাপন হোৱা নাই। এক শেহতীয়া তথ্য মতে ৰাজ্য চৰকাৰৰ অধীনস্থ মাত্ৰ প্ৰায় ২৫ শতাংশ বিদ্যালয়ৰ হে বিদ্যৎ সংযোগ আছে।
বিদ্যুতৰ নাটনিৰ ফলত আশ্ৰয় শিবিৰ সমূহত থকা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে বিভিন্ন আশ্ৰয় শিবিৰত জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ ডিজেল চালিত জেনেৰেটৰৰ ওপৰত ভৰসা কৰিব লগীয়া হয়। কিন্তু বানপানীৰ ফলত বহু সময়ত এই জেনেৰেটৰ সমূহৰ যোগান ধৰাত যথেষ্ট অসুবিধা হোৱাৰ লগতে ইয়াৰ খৰচো যথেষ্ট বেছি। সেয়ে বিদ্যুৎ যোগানৰ এক বিকল্প উৎস বিচাৰি উলিওৱাটো খুবেই দৰকাৰী হৈ পৰিছে।
লগতে পঢ়ক : এনএছচিএন (আই এম)ৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা সন্দৰ্ভত অসম ভূপেন কুমাৰ বৰাৰ প্ৰতিক্ৰিয়া
পুনৰ ব্যৱহাৰযোগ্য শক্তি (Renewable energy)-ৰ দ্বাৰা বিদ্যুৎ উৎপাদন
বিশ্বৰ বিভিন্ন ঠাইত সৌৰ শক্তি চালিত (Solar Photo Voltaic – PV) বিদ্যুৎ যোগানৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা দেখা গৈছে। Solar Photo Voltaic বা চমুকৈ PV ইনস্টলেশ্যন সমূহ বিদ্যালয়, প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰ বা ৰাজহুৱা গৃহ আদিত বিদ্যুৎ সংযোগ স্থাপনৰ বাবে বিশেষভাৱে সুবিধাজনক।
দেশৰ ভিতৰুৱা অঞ্চলসমূহত বিশেষকৈ জলবায়ুৰ ফালৰ পৰা স্পৰ্শকাতৰ অঞ্চলসমূহত স্বাস্থ্য সেৱা, খোৱাপানী যোগান, শিক্ষা তথা অপৰিহাৰ্য সেৱা সমূহত বিদ্যুত সংযোগৰ বাবে PV ইনস্টলেশ্যন স্থাপন কৰা সম্পৰ্কত WRI India – এ অধ্যয়ন চলাই আছে। উক্ত অধ্যয়নৰ পৰা এটা কথা স্পষ্ট হয় যে এনে প্ৰতিকুল বতৰৰ পৰিস্থিতিত ডিজেল জেনেৰেটৰ সমূহৰ তুলনাত ছ’লাৰ PV সমূহ খৰচকে ধৰি বিভিন্ন দিশৰ পৰা বহুত বেছি লাভদায়ক।
পুনৰ ব্যৱহাৰযোগ্য শক্তিখণ্ডত বিনিয়োগৰ লাভসমূহ
গাঁও অঞ্চলত থকা বিদ্যালয় তথা আন চৰকাৰী গৃহসমূহ প্ৰায়ে বিভিন্ন কাৰণত ব্যৱহাৰ কৰা হয়। যেনে – ৰাজহুৱা সভা আদি পতা, নিৰ্বাচনৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰ তথা বানপানীৰ সময়ত আশ্ৰয় শিবিৰ হিচাপে ব্যৱহাৰ কৰা ইত্যাদি। PV ইনস্টলেশ্যনৰ জৰিয়তে বিদ্যুতৰ যোগান ধৰি এই ক্ষেত্ৰত ইতিমধ্যে যথেষ্ট সুফল পোৱা গৈছে।
এইক্ষেত্ৰত অলপতে ৰাজস্থান বিদ্যুৎ নিয়ামক আয়োগে এক নিৰ্দেশৰ জৰিয়তে বিদ্যালয়সমূহত বিদ্যুতৰ যোগানৰ বাবে চৰকাৰ, ব্যক্তিগত খণ্ড, নাগৰিক সমাজ আদিক একেলগ হৈ কাম কৰাৰ পোষকতা কৰে। অসমতো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি বিদ্যালয় সমূহৰ লগতে বানপানীৰ সময়ত আশ্ৰয় শিবিৰ সমূহত সৌৰ শক্তিৰ জৰিয়তে বিদ্যুতৰ যোগান ধৰিব পাৰি।
ইংৰাজীত পঢ়ক : Assam is facing floods again, but it doesn’t have to be this devastating
লেখক World Resources Institute India –ৰ অধীনত ভাৰতৰ ভিতৰুৱা তথা গাঁও অঞ্চলত বিদ্যুৎ শক্তি সম্প্ৰসাৰণৰ সৈতে জড়িত। তেওঁক masfick.hazarika@wri.org –ত যোগাযোগ কৰিব পাৰে। তেওঁৰ টুইটাৰ হেণ্ডল – @masfiqhazarika