গুৱাহাটী : অসমক ভাৰতৰ মাতৃভাষা ভিত্তিক শিক্ষাৰ প্ৰয়োগশালা হিচাপে গঢ়ি তোলা হ’ব। এই ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ। গুৱাহাটীত আজিৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত উত্তৰ পূব শিক্ষা সমাৰোহত অংশগ্ৰহণ কৰি ধৰ্মেন্দ্ৰ প্ৰধানে এই ঘোষণা কৰে।

কেন্দ্ৰীয় চৰকাৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত বিশেষভাৱে গুৰুত্ব দিয়া আজিৰ সমাৰোহত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয়, ‘আমাৰ সভ্যতাক ধৰি ৰখা প্ৰধান উপাদানটোৱে হৈছে আমাৰ ভাষাৰ বৈচিত্ৰ্য।’

নতুন শিক্ষা নীতিৰ অধীনত মাতৃভাষাত শিক্ষা গ্ৰহণক আটাইতকৈ বেছি প্ৰাধান্য দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে অহা অহা এক দশকৰ ভিতৰত এই চৰকাৰে ‘যিকোনো ধৰণৰ প্ৰত্যাহ্বান নেওচি হ’লেও ভাষাৰ ক্ষেত্ৰত এক নতুন দৃষ্টিকোণ গ্ৰহণ কৰিব’।

আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে গুৱাহাটী উত্তৰ পূব ভাৰতৰ বিশেষ শৈক্ষিক মণ্ডল হৈ উঠিব পাৰে বুলি মন্তব্য কৰে। বিজেপি চৰকাৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাতৃভাষাক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি কয় যে অসমত মানৱ সম্পদৰ প্ৰচুৰ সম্ভাৱনা আছে।

তেওঁ কয়, ‘শিক্ষাৰ উন্নয়ণৰ বাবে চৰকাৰে মুঠ ঘৰোৱা উৎপাদনৰ ৬ শতাংশ ব্যয় কৰাৰ লক্ষ্য লৈছে। দেশৰ ২৬০ নিযুত শিক্ষাৰ্থীৰ ১.২৫ কোটি শিক্ষাৰ্থী উত্তৰ-পূবত আছে। নতুন শিক্ষা নীতিয়ে মাতৃভাষাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিব।’

লগতে পঢ়ক : আমেৰিকাৰ ইতিহাসত প্ৰথম গৰাকী মহিলা ৰাষ্ট্ৰপতি ভাৰতীয় মূলৰ কমলা হেৰিছ!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply