নিউজ ডেস্ক: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ সোমবাৰে ৰাজ্যত আৰু দুজন লোকৰ মৃত্যু হয়, ফলত যোৱা ১ জুলাইৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছত মৃত্যু হোৱা লোকৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে।

জানিব পৰা মতে সোমবাৰে মৃত্যু হোৱা দুয়োজন লোক বৰাক উপত্যকাৰ হাইলাকান্দি জিলাৰ।

আনহাতে, এই সময়ছোৱাত ৰাজ্যখনত ১৪ জন লোক নতুনকৈ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে। নগাঁও আৰু বিশ্বনাথ জিলাত তিনিটাকৈ ঘটনা ধৰা পৰাৰ বিপৰীতে ধেমাজি আৰু শোণিতপুৰত দুটা আৰু বঙাইগাঁও, দৰং, গোলাঘাট আৰু হোজাইত এটাকৈ এনকেফেলাইটিছৰ ঘটনা ধৰা পৰা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ এক প্ৰেছ বিবৃতিত প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে যোৱা ১ জুলাইৰ পৰা অসমত মুঠ ২৬৬ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে।

ৰাজ্যৰ স্বাস্থ্য বিভাগে সকলো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিষয়াক এই ৰোগৰ বিস্তাৰ নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি স্বাস্থ্য বিভাগে ৰাজ্যজুৰি সজাগতা কাৰ্যসূচী আৰু ফগিং কাৰ্যসূচী চলাই আছে। ৰোগটোৰ বিস্তাৰ প্ৰতিহত কৰিবলৈ সকলো প্ৰভাৱিত এলেকাত ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰা হৈছে।

চিকিৎসা বিষয়াসকলো গ্ৰাম্য অঞ্চলত বাস কৰা লোকসকলক অধিক সাৱধান হ’বলৈ আৰু মহৰ কামোৰৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ পৰামৰ্শ দিয়াৰ লগতে গাঁৱৰ লোকসকলক দীঘল হাতৰ চাৰ্ট আৰু দীঘল পেণ্ট পিন্ধিবলৈ আৰু মহ খেদা প্ৰতিৰোধক ব্যৱহাৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

লগতে পঢ়ক – লাভলীনা বৰগোঁহাইৰ অভিযোগক লৈ তীব্ৰ চাঞ্চল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply