গুৱাহাটী : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰতিবাদ তৃতীয় দিনাও অব্যাহত থাকিল। বুধবাৰে আদানী গ্ৰুপক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমান বন্দৰ হস্তান্তৰ কৰাৰ প্ৰতিবাদত আঞ্চলিক দল অসম জাতীয় পৰিষদে চলায় গণস্বাক্ষৰ অভিযান।
বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাৰ বিৰোধীতা কৰি অসম জাতীয় পৰিষদে যোৱা ৯ আগষ্টৰ পৰা অব্যাহত ৰাখিছে গণস্বাক্ষৰ অভিযান। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্টীয় বিমান বন্দৰ আদানী গ্ৰুপক হস্তান্তৰ কৰাৰ প্ৰতিবাদত অসম জাতীয় পৰিষদে চলোৱা স্বাক্ষৰ অভিযান বুধবাৰে তৃতীয় দিনত ভৰি দিয়ে। বিমান বন্দৰৰ সন্মুখৰ পথত চলোৱা এই অভিযানৰ প্ৰসাশনীয় অনুমতি নথকা হেতুকে আৰক্ষী-প্ৰশাসনে বাধা প্ৰদান কৰে প্ৰতিবাদকাৰী সকলক।
লগতে পঢ়ক : আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল টীয়ক
প্ৰশাসনৰ বাধাক নেওচিও বিমান বন্দৰৰ সন্মুখত আৰক্ষীৰ বেৰিকেট অতিক্ৰম কৰি স্বাক্ষৰ অভিযান চলায় অসম জাতীয় পৰিষদে। এই স্বাক্ষৰ অভিযান ৭ দিনলৈ চলাই যাব বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা আৰু কৰ্মকর্তাই। ইয়াৰে পিছতে আৰক্ষীয়ে অনুমতি নথকাত আটাইকেইজন প্ৰতিবাদকাৰীক আটক কৰি আজাৰা আৰক্ষী থানালৈ লৈ যায়।
বিমান বন্দৰ আদানীক হস্তান্তৰ কৰাৰ বিৰুদ্ধে গণ স্বাক্ষৰ সংগ্ৰহ কৰা অসম জাতীয় পৰিষদৰ সদস্যসকলক আজাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই তীব্ৰ গৰিহণা দিয়ে৷ নেতাদ্বয়ে এক বিবৃতিত কয় যে ৰাইজৰ দ্বাৰা নিৰ্বাচিত চৰকাৰৰ আৰক্ষীয়ে ৰাইজৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিয়া উচিত আছিল৷ কিন্তু তাকে নকৰি আৰক্ষীয়ে আদানীৰ পক্ষ্য লৈছে৷ এয়া দুৰ্ভাগ্যজনক৷