গুৱাহাটী : বৰাকত অসমীয়া ভাষাৰ হৰ্ডিং আতৰিল মাত্ৰ ২৪ ঘণ্টাতে। ৪৮ ঘণ্টাৰ ভিতৰত বৰাকৰ পৰা আঁতৰাবলৈ কৈছিল অসমীয়া লিপিৰ পোষ্টাৰ। সময়সীমা বান্ধি দিছিল প্ৰদীপ দত্ত ৰয়ে। অন্যথা বৰাক ডেমক্রেটিক ফ্রণ্টে ব্যৱস্থা লোৱাৰ সকীয়নি প্ৰদান কৰিছিল কিন্তু ২৪ ঘন্টাৰ ভিতৰতে আতৰালে অসমীয়া ভাষাৰ বেনাৰ। বৰাকত অসমীয়া ভাষাৰ প্ৰচলন বন্ধ কৰিবলৈ চেষ্টা কৰাক লৈ প্ৰতিক্ৰিয়া যুৱ ছাত্র পৰিষদৰ।

বৰাক উপত্যকাত অসমীয়া ভাষা নচলিব বুলি প্ৰদীপ দত্ত ৰয় নামৰ বহু বিতৰ্কিত এগৰাকী ব্যক্তিয়ে হুংকাৰ প্ৰদান কৰা পাছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। অসমীয়া বিদ্বেষী লোকসকলক সমাজৰ পৰা এঘৰীয়া কৰাৰ লগতে পাৰিলে অসমৰ পৰাই বাহিৰ কৰি দিব লাগে বুলি মন্তব্য কৰিছে যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।

অসমতে থাকি অসমীয়া ভাষা নচলিব বুলি কোৱা ব্যক্তিসকল কেৱল অসমীয়া বিদ্বেষীয়েই নহয় তেওঁলোক অসম বিদ্বেষীও বুলি মন্তব্য কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই।বৰাকৰ বহু বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় অসমীয়া ভাষা বিদ্বেষী মন্তব্য কৰা পৰিপ্ৰেক্ষিতত এই মন্তব্য কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে অসমৰ ৰাজ্যভাষা অসমীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাত অসমীয়া ভাষা চলিব। তাৰ বিপৰীতে বৰাকত অসমীয়া ভাষা নচলিব বুলি কোৱাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে।

লগতে পঢ়ক : বাক্সাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

আনহাতে অসম আৰু অসমীয়া সন্দৰ্ভত বাৰে বাৰে উদ্ভত মন্তব্য প্ৰদান কৰা প্ৰদীপ দত্ত ৰয়ৰ দৰে তথাকথিত নেতাৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আশ্বৰ্য প্ৰকাশ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা গৰাকীয়ে অতিশীঘ্ৰে অসমীয়া বিদ্বেষী মন্তব্য প্ৰকাশ কৰা লোকসকলক নাকী লগাবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply