গুৱাহাটী : ৰাজ্য বিধানসভাৰ আগন্তুক উপ-নির্বাচনত বিজেপি আৰু শাসক দলৰ বিৰুদ্ধে বিৰােধীৰ এটা সমষ্টিত এজন প্রার্থী অৱতীৰ্ণ হ’ব লাগে বুলি অসম জাতীয় পৰিষদে আৰম্ভণিৰে পৰা কৈ আহিছে আৰু তেনে হ’ব বুলি দল আশাবাদী। সমগ্র দেশতে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হােৱাৰ এক প্রচেষ্টা আৰম্ভ হৈছে। আমিও অসম আৰু অসমবাসীৰ স্বাৰ্থত বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ প্ৰচেষ্টাত সহাযােগ কৰিব বিচাৰিছোঁ আৰু এই উপ-নির্বাচনৰ পৰাই এই কুচকাৱাজ কার্যকৰী হােৱাটো সময়ৰ আহ্বান বুলি কয় অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই।

অসম জাতীয় পৰিষদ এক আঞ্চলিক দল হ’লেও নিজৰ ৰাষ্ট্ৰীয় দায়িত্ব সম্পর্কেও দল সকলাে সময়তে সচেতন। বর্তমান দেশত চলা অপশাসন শীঘ্ৰে অৱসান হােৱাটো অসম জাতীয় পৰিষদে মনে-প্রাণে বিচাৰে। মােদী চৰকাৰৰ অপশাসনে ইতিমধ্যেই দেশবাসীক কোঙা কৰি পেলাইছে৷ নিবনুৱাৰ সংখ্যাই সর্বকালৰ ৰেকর্ড ভঙ্গ কৰিছে, ইন্ধন তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্রিত মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি ৰাজহােৱা সম্পত্তি পুঁজিপতি গােষ্ঠীক হস্তান্তৰলৈকে সকলাে দিশত জনবিৰােধী স্থিতি লৈছে চৰকাৰখনে৷ আৰু এই সকলােবােৰৰ পৰা দৃষ্টি আঁতৰাই ৰাখিবলৈ সাম্প্রদায়িক উচটনিৰে গণতান্ত্রিক পৰিৱেশ বিনষ্ট কৰা হৈছে। এনে পৰিৱেশৰ পৰা দেশক ৰক্ষা কৰিব নােৱাৰিলে ভাৰতৰ মূল শক্তি গণতন্ত্র আৰু ধৰ্মনিৰপেক্ষতা অচিৰেই ধ্বংস হ’ব বুলিও এক প্ৰেছ বিবৃত্তি যোগে প্ৰকাশ কৰে জগদীশ ভূঞাই।

দেশৰ সংবিধান আজি গভীৰ সংকটত। এই সমগ্ৰ পৰিস্থিতি অনুধাৱন কৰি অসমৰ আগন্তুক বিধানসভাৰ উপ-নির্বাচনত আমি আটাইকেইটা সমষ্টিত বিজেপি আৰু মিত্ৰগােষ্ঠীৰ বিৰুদ্ধে এজন প্রার্থী যি প্ৰস্তাৱ আগবঢ়াইছিলাে, অসম জাতীয় পৰিষদ আজিও সেই স্থিতিত অটল। যিহেতু এই নির্বাচনৰ ফলাফলে চৰকাৰ ভঙা-পতা কৰিব নােৱাৰে, গতিকে এনে পৰিস্থিতিত এক বিকল্প শক্তিশালী প্রার্থী ৰাইজক দিব পৰাটোহে সময়ৰ আহ্বান। যদিহে বিজেপিক পৰাজিত কৰাটোৱেই মূল লক্ষ্য হয় তেন্তে নিজৰ দলীয় স্থিতি ধৰি ৰাখিবলৈকে নির্বাচনত অৱতীর্ণ হ’বই লাগিব বুলি নিশ্চিত বাধ্যবাধকতা ৰখাটো কোনাে দলৰ বাবেই উচিত নহয়। অসম জাতীয় পৰিষদে নিজেও তেনে বাধ্যবাধকতা পালন কৰিবই লাগিব বুলি নাভাবে বুলিও প্ৰকাশ কৰে জগদীশ ভূঞাই।

লগতে পঢ়ক : অৱসৰৰ দিনাই কৰ্মচায়ীয়ে লাভ কৰিলে পেঞ্চনসহ সকলো প্ৰাপ্য ধনৰ মঞ্জুৰী

মৰিয়নী, থাওৰা আৰু ভবানীপুৰ সমষ্টিৰ জনমতক চৰকাৰী দলে ক্ষমতাৰ জোৰত নিজৰ ফলিয়া কৰিবলৈ যি অগণতান্ত্রিক, অনৈতিক আৰু অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে ইয়াৰ এক ঐক্যবদ্ধ বিৰােধ হােৱা উচিত। আজি অনুষ্ঠিত হােৱা দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকে আমাৰ পূৰ্বৰ প্ৰভাৱটো। কংগ্ৰেছসহ সকলাে বিজেপিবােৰােধী অসাম্প্রদায়িক দলৰ প্রতি পুনৰ জনাবলৈ সিদ্ধান্ত গ্রহণ কৰে৷ সেই মর্মে উক্ত আহ্বান আনুষ্ঠানিকভাৱে সকলাে বিজেপিবােৰােধী অসাম্প্রদায়িক দলৰ নেতৃত্বক অৱগত কৰিবৰ বাবে আজিৰ সভাই একোখনকৈ উপসমিতি গঠন কৰি দিয়ে৷ উক্ত উপসমিতিসমূহে কংগ্ৰেছ দলসহ ৰাজ্যৰ সকলাে বিজেপিবােৰােধী অসাম্প্রদায়িক দলৰ নেতৃত্বক সাক্ষাৎ কৰিব বুলিও প্ৰকাশ কৰে জগদীশ ভূঞাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,319 other subscribers

Leave a comment

Leave a Reply