গুৱাহাটী : নিৰ্বাচনৰ পূৰ্বে কেৱল ভোট পোৱাৰ লক্ষ্যেৰে মাজুলীবাসীক দলং নিৰ্মাণৰ আশ্বাস দিছিল বিজেপি দলে৷ কিন্তু প্ৰকৃতপক্ষে দলং নিৰ্মাণকে ধৰি মাজুলীবাসীৰ সমস্যা সমাধানৰ প্ৰশ্নত বিজেপিৰ কোনো আন্তৰিকতা নাই৷ নিমাতিঘাটত ফেৰী দুর্ঘটনাকলৈ বিজেপিক আক্ৰমণ অসম জাতীয় পৰিষদৰ। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বয়ং ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলীলৈ আহি পাঁচ বছৰৰ ভিতৰত যোৰহাট আৰু মাজুলী সংযোগী দলং নিৰ্মাণৰ আশ্বাস দিছিল৷ পাঁচ বছৰ পাৰ হৈ বহুদিন গ’ল৷ মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে পাঁচ বছৰীয়া কাৰ্যকাল শেষ কৰি এতিয়া কেন্দ্ৰীয় মন্ত্ৰী হৈছে৷ কিন্তু আজিলৈকে দলং নিৰ্মাণৰ কাম আগনাবাঢ়িল৷ এয়া মাজুলীবাসীৰ প্ৰতি কৰা এক চৰম প্ৰতাৰণা৷

জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে কালি নিমাতীঘাটত সংঘটিত দুৰ্ঘটনাৰ বাবে যে আচলতে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ দায়ী সেয়া স্পষ্ট৷ কিয়নো অসমৰ নদী পথত চলা জলযানসমূহৰ ওপৰত চৰকাৰী বিধি আৰোপৰ কোনো দায়িত্ব উক্ত বিভাগটোয়ে উপযুক্তভাৱে পালন কৰা নাই৷ জলপথ ব্যৱহাৰ কৰা যাত্ৰীসকলৰ জীৱনৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ সলনি আভ্যন্তৰীণ জলপৰিবহন বিভাগটো যন্ত্ৰপাতি, নাট-বল্টু-শিকলি কিনা আৰু পাৰঘাট আৱন্টন দিয়া বিভাগতহে পৰিণত হৈছে৷ ২০১২ চনৰ এপ্ৰিল মাহত ধুবুৰীৰ মেদেৰটাৰীত এশতকৈ অধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া শোকাৱহ ঘটনাৰ পিছত ৰাজ্য চৰকাৰে এখন মানক সঞ্চালন বিধি (এছ অ’ পি) ঘোষণা কৰিছিল৷ উক্ত এছ অ’ পিত কিছুমান নিয়ম বান্ধি দিয়া হৈছিল৷ তাৰ ভিতৰত উল্লেখযোগ্য নিয়মটো হ’ল যাত্ৰীবাহী ফেৰী এখনত যিমান সংখ্যক যাত্ৰী কঢ়িওৱা হ’ব, ফেৰীখনত সিমান সংখ্যক লাইফ জেকেট উপলব্ধ থাকিব লাগিব৷ যাত্ৰীৰ সুৰক্ষাৰ প্ৰয়োজনত পৰ্যাপ্ত সংখ্যক সহায়ক (ক্ৰিউ মেম্বাৰ) থাকিব লাগিব৷ ফেৰীসমূহত এই নিয়মসমূহ মানি চলা হৈছে নে নাই সেয়া তদাৰক কৰাৰ দায়িত্ব আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ৷ কিন্তু বিভাগটোয়ে এই দায়িত্ব পালন কৰা পৰিলক্ষিত হোৱা নাই৷ সেয়ে এনে গাফিলতিৰ বাবে চৰকাৰে বিভাগটোৰ দায়িত্বৰত বিষয়া-কৰ্মচাৰীসকলকো দায়বদ্ধ কৰা উচিত৷

লগতে পঢ়ক : অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যুত ৰঙাচাহী মহাবিদ্যালয়ত শোকাকুল পৰিবেশ

প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে জাতীয় পৰিষদে কালিৰ ঘটনাত নিহত হোৱা লোককেইগৰাকীক মৃত্যুত দুখ প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা ব্যক্ত কৰে৷ সন্ধানহীনসকলৰ সন্ধান উলিওৱাৰ অধিক ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণৰ লগতে আক্ৰান্ত পৰিয়ালসমূহলৈ উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনায়৷ ইফালে মাজুলীত আজি প্ৰতিবাদী শিক্ষাৰ্থী আৰু ৰাইজৰ ওপৰত আৰক্ষী-চি আৰ পি এফৰ লাঠিচালনা কৰা ঘটনাক অসম জাতীয় পৰিষদে গৰিহণা দিয়ে৷ দলৰ সভাপতি আৰু সম্পাদকে কয় যে যিসময়ত মাজুলীবাসী ৰাইজ শোক আৰু ক্ষোভত ম্ৰিয়মান হৈ আছে, সেই সময়ত ৰাইজক এশাৰী মাত লগোৱাৰ সলনি চৰকাৰী বাহিনী দমন নীতিৰ আশ্ৰয় লৈ ৰাইজৰ কণ্ঠ ৰোধ কৰিব বিচাৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply