গুৱাহাটী : বৰ্তমানৰ কভিডসৃষ্ট জটিল পৰিস্থিতিত জনসাধাৰণৰ ন্যূনতম স্বাস্থ্যসেৱা সুচল কৰাৰ স্বাৰ্থত সকলো স্তৰতে অক্সিজেন সেৱা সুচল কৰাৰ বাবে চৰকাৰক পৰামৰ্শ আগবঢ়াইছে অসম জাতীয় পৰিষদে৷ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, বৰ্তমানৰ পৰিস্থিতিত অক্সিজেন সেৱা লাভ কৰাটো কভিড আক্ৰান্ত সকলৰ বাবে সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান৷ এনে পৰিস্থিতিত থাওকতে পোৱাকৈ অক্সিজেন লাভৰ সুবিধা পালে ৰাইজ সৰ্বাধিক উপকৃত হ’ব৷

আৰু পঢ়কঃ অসমত অক্সিজেনৰ নাটনী হোৱাৰ সম্ভাবনা আছে নেকি

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই সোমবাৰে অসম চৰকাৰৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত কয়, “প্ৰয়োজনীয় অক্সিজেন সেৱা লাভ কৰাটো বৰ্তমান পৰিস্থৰিতিত আমাৰ ৰাজ্যখনত এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ যিহেতু চৰকাৰী আৰু বেচৰকাৰী উভয় খণ্ডৰ হাস্পতালসমূহত বিচনা অপৰ্যাপ্ত হৈছে আৰু কভিড আক্ৰান্ত বা সম্ভাব্য কভিড আক্ৰান্তৰ পৰীক্ষা-নিৰীক্ষা তথা অন্য আনুষ্ঠানিকতাৰ মাধ্যমেৰে চিকিৎসা সেৱা আৰম্ভ কৰাটোত কিছু সময়ৰ প্ৰয়োজন হয়; অথচ আক্ৰান্ত ব্যক্তি এগৰাকীৰ প্ৰাথমিক পৰ্যায়তে অক্সিজেনৰ প্ৰয়োজন হয়; কিন্তু আনুষ্ঠানিকতা সম্পন্ন কৰালৈ যথেষ্ট পলম হৈ যায়, সেয়ে অক্সিজেনৰ অভাৱত বহু ৰোগী বা সম্ভাব্য ৰোগী দুৰ্ভাগ্যজনকভাৱে জটিল অৱস্থালৈ গুছি যাবলগীয়া হৈছে৷

আৰু পঢ়কঃ অসমত বাঢ়িছে ক’ভিড আক্ৰান্তৰ হাৰ; কমিছে পৰীক্ষা কৰা লোকৰ সংখ্যা

এনে অৱস্থাত থাওকতে পোৱাকৈ অক্সিজেন সেৱাৰ ব্যৱস্থা থাকিলে বহু ৰোগীক জটিল অৱস্থালৈ গুছি যোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব৷” ‘অসমত এতিয়ালৈকে অক্সিজেনৰ অভাৱ হোৱা নাই’ বুলি ৰাজ্য চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰি থকা বিষয়টোলৈ আঙুলিয়াই জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে যিহেতু পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আমাৰ হাতত মজুত আছেই, তেনেহ’লে আমি অক্সিজেন সেৱা সকলোতে উপলব্ধ কৰিব লাগে৷ “এই ক্ষেত্ৰত আমাৰ দলৰ পৰামৰ্শ হ’ল, এখন হাস্পতালত অক্সিজেনৰ প্ৰয়োজন হোৱা এজন ৰোগী বা সম্ভাব্য ৰোগী উপস্থিত হোৱাৰ লগে লগে তেওঁ কোনো ধৰণৰ আনুষ্ঠানিকতা সম্পন্ন নকৰাকৈ প্ৰাথমিক পৰ্যায়তে যাতে অক্সিজেন সেৱা লাভ কৰিব পাৰে, তাৰ সুব্যৱস্থা কৰিব লাগে৷

চৰকাৰী-বেচৰকাৰী উভয় খণ্ডৰ হাস্পতালসমূহৰ চ’ৰাঘৰতে বা দৰ্শনাৰ্থী বহা ঠাইতে আৰু হাস্পতালৰ বাহিৰেও কিছুমান ৰাজহুৱা স্থানত অক্সিজেন সেৱা লাভৰ ব্যৱস্থা কৰিব পাৰিলে বহু লোক উপকৃত হ’ব৷ তদুপৰি, চৰকাৰী-বেচৰকাৰী উভয় খণ্ডৰ হাস্পতালসমূহত সুকীয়া অক্সিজেন গোট (Oxygen Unit) গঠন কৰিব পাৰিলে অক্সিজেন সেৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাসমূহ দূৰ হ’ব বুলি আমাৰ দলে অনুভৱ কৰে বুলি জগদীশ ভূঞাই কয়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply