গুৱাহাটী : বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ৰাজ্যৰ বিৰোধী শিবিৰৰ মাজত সমন্বয় স্থাপন প্ৰচেষ্টাৰ অংশ হিচাপে শুকুৰবাৰে অসম জাতীয় পৰিষদ দলে বাওঁপন্থী দল চিপিআই (এম) আৰু চিপিআই (এমএল)ৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়৷ বৃহস্পতিবাৰে কংগ্ৰেছ, ৰাইজৰ দল আৰু চিপিআই দলৰ সৈতে বৈঠকত বহাৰ পিছত শুকুৰবাৰে দলটোয়ে চিপিআই(এম) দলৰ হেদায়েতপুৰস্থিত কাৰ্যালয়লৈ যায়৷
জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোত আছিল দলৰ তিনি উপ-সভাপতি অনুপ ফুকন, ইজৰাইল নন্দ আৰু ৰাণা চাংমাই তথা প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান৷ চিপিআই(এম) দলৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্য্য, সম্পাদকমণ্ডলীৰ সদস্যত্ৰয় সুপ্ৰকাশ তালুকদাৰ, ইছফাকুৰ ৰহমান আৰু অজিত দাস উপস্থিত থাকে৷ আনহাতে চি পি আই(এমএল) দলৰ সৈতে বৈঠকখন অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত৷
জাতীয় পৰিষদৰ আমন্ত্ৰণ মৰ্মে চি পিআই (এমএল) দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্য বিবেক দাসৰ নেতৃত্বত দলটোৰ এটা তিনিজনীয়া প্ৰতিনিধি দল জাতীয় পৰিষদৰ কাৰ্য্যালয়লৈ আহে৷ প্ৰতিনিধি দলটোত অহা আন দুগৰাকী নেতা হৈছে পংকজ কুমাৰ দাস আৰু সুব্ৰত তালুকদাৰ৷ তেওঁলোকৰ সৈতে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপদেষ্টা বসন্ত ডেকা আৰু সম্পাদক চিত্তৰঞ্জন বসুমতাৰী সমন্বিতে নেতাসকলে আলোচনা কৰে৷
জাতীয় পৰিষদৰ নেতাসকলে দুয়োটা দলক কয় যে জাতীয় পৰিষদে কেৱল উপ-নিৰ্বাচনক লক্ষ্য কৰি এই প্ৰয়াস চলোৱা নাই; বৰং আসন্ন লোকসভা নিৰ্বাচনৰ ওপৰতো সমানে দৃষ্টি ৰাখিছে৷ বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্য উভয়তে বিজেপিৰ অপশাসনত জনসাধাৰণ কোঙা হৈ পৰিছে আৰু বিৰোধী দলসমূহৰ মাজত থকা মতবিৰোধৰ তুলনাত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ৰাইজৰ মনত শক্তিৰ সঞ্চয় কৰাটো অধিক জৰুৰী৷ গতিকে বিজেপিৰ বিৰুদ্ধে যে ৰাইজ একত্ৰিত হৈ আছে সেই বাৰ্তা দি ৰাইজৰ মনৰ শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্যেই উক্ত প্ৰয়াস চলোৱা হৈছে৷
লগতে পঢ়ক : শ্বেৰমান আলী আহমেদলৈ কংগ্ৰেছৰ কাৰণ দৰ্শোৱাৰ জাননী
দুয়োটা দলে জাতীয় পৰিষদৰ এই উদ্যোগৰ শলাগ লয় আৰু প্ৰয়োজনীয় সহযোগিতাৰ আশ্বাস দিয়ে৷ জাতীয় পৰিষদে একে প্ৰস্তাৱ লৈ দুই-এদিনৰ ভিতৰত বিপিএফ আৰু গণ বিকাশ পৰিষদৰ সভাপতি নৱ কুমাৰ শৰণীয়াকো সাক্ষাৎ কৰিব৷