গুৱাহাটী : অসমৰ ক’ভিড পৰিস্থিতি মোকাবিলা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ তথা জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে ভোগ কৰি অহা সমস্যা লাঘৱ কৰাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কিছু পৰামৰ্শ সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰি অসম অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ ওচৰত কেইটামান দাবী উত্থাপন কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ উদ্দেশি মুখ্য সচিবৰ হাতত অৰ্পণ কৰা স্মাৰকপত্ৰখনত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ক’ভিড নিয়ন্ত্ৰণৰ হকে চৰকাৰে আৰোপ কৰা জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে সন্মুখীন হৈ অহা সমস্যাসমূহ দূৰ কৰাৰ বাবে চৰকাৰে বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা উচিত৷

দলৰ উপসভাপতি চমছেৰ সিং আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে মুখ্য সচিবৰ হাতত অৰ্পণ কৰা স্মাৰকপত্ৰখনত চৰকাৰলৈ মুঠ ১২ টা পৰামৰ্শ আগবঢ়োৱা হয়৷ সেইকেইটা হ’ল, বিনামূলীয়া গণ টিকাকৰণ, টিকাকৰণৰ বাবে পঞ্জীয়নৰ ক্ষেত্ৰত বৰ্তমানৰ অনলাইন ব্যৱস্থাৰ সলনি পঞ্চায়ত বা পৌৰ কৰ্মকৰ্তা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে অফলাইন পঞ্জীয়নৰ ব্যৱস্থা কৰা, গাঁও পঞ্চায়ত বা ৱাৰ্ড পৰ্যায়ত ‘ক’বিড কেয়াৰ আৰু মণিটৰিং চেন্টাৰ’ স্থাপন, দৰৱ আৰু খাদ্য সামগ্ৰীৰ ‘হোম ডেলিবাৰী’ৰ ব্যৱস্থা কৰা, ব্যক্তিগত হাস্পতালসমূহত ক’ভিড চিকিৎসাৰ ক্ষেত্ৰত হোৱা অত্যাধিক মূল্য নিয়ন্ত্ৰণ কৰা, অক্সিজেন আৰু এম্বুলেন্স সেৱা সহজলভ্য আৰু সাৰ্বজনীন কৰা, দৰিদ্ৰ তথা শ্ৰমিক শ্ৰেণীৰ লোকৰ বাবে বিশেষ অৰ্থনৈতিক পেকেজ ঘোষণা কৰা, ক’ভিড পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰি গাঁও স্তৰলৈ লৈ যোৱা,

শিশু আৰু বৃদ্ধ লোকৰ স্বাস্থ্যৰ প্ৰতি অধিক ধ্যান দিয়াৰ ব্যৱস্থা কৰা, সম্ভাব্য সংকটকালীন অৱস্থা মোকাবিলা কৰিবলৈ সাজু থকাৰ স্বাৰ্থত চৰকাৰী আৰু অৰ্দ্ধ চৰকাৰী খণ্ডত ব্যয় সংকোচন কৰা, মন্ত্ৰী-বিধায়ক-সাংসদ তথা উচ্চ পৰ্যায়ৰ চৰকাৰী বিষয়াসকলক গ্ৰাম্যাঞ্চলৰ হকে আৰ্থিক সাহায্য দিবলৈ উৎসাহিত কৰা আৰু কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ উপযুক্ত ব্যৱস্থা কৰি দিয়া৷ জাতীয় পৰিষদৰ সভাপতি আৰু সম্পাদকে লগতে কয় যে জাতীয় পৰিষদে তেওঁলোকৰ দলৰ কৰ্মী-সমৰ্থকসকলক ক’ভিড প্ৰটোকল মানি প্ৰথম শাৰীৰ ক’ভিড যোদ্ধা হিচাপে ৰাইজক সেৱা আগবঢ়াবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে আৰু সেই মৰ্মে ৰাজ্যজুৰি জাতীয় পৰিষদে সেৱাৰ কাম আৰম্ভ কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,917 other subscribers

Leave a comment

Leave a Reply