গুৱাহাটী : “বিজেপি দল আৰু ইয়াৰ চৰকাৰে তেওঁলোকৰ সৰ্বভাৰতীয় এজেণ্ডাৰ অংশ হিচাপে অসমীয়া ভাষা-সাহিত্যৰ গুৰুত্ব অতি কৌশলেৰে হ্ৰাস কৰি অহাৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ সম্প্ৰতি উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত আধুনিক ভাৰতীয় ভাষা (এম আই এল) বিষয়ত বিকল্প ইংৰাজী বিষয়টোক পুনৰ অন্তৰ্ভূক্ত কৰা কাৰ্য তেওঁলোকৰ উক্ত গোপন চক্ৰান্তৰে অংশ বিশেষ৷ বিকল্প ইংৰাজী বিষয়টোক এম আই এল বিষয় হিচাপে অন্তৰ্ভূক্ত কৰিলে অসমীয়া আৰু বড়োসহ অন্য স্থানীয় ভাষাৰ গুৰুত্ব হ্ৰাস পাব বুলি পূৰ্বে উপলব্ধি কৰাৰ পিছতো উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পুনৰ এই সিদ্ধান্ত গ্ৰহণ কৰাটোতে বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ উক্ত গোপন চক্ৰান্ত প্ৰতিফলিত হয়৷” এই বক্তব্য অসম জাতীয় পৰিষদৰ৷

অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে মাত্ৰ এদিন পূৰ্বে একাংশ মহাবিদ্যালয়ে নামভৰ্তিৰ প্ৰ-পত্ৰত শিক্ষাৰ্থীৰ বৰ্ণ-গোত্ৰৰ পৰিচয় জানিব বিচৰা কাৰ্যৰ বাতৰি প্ৰকাশ পাইছিল য’ত আচলতে বিজেপি দল আৰু ইয়াৰ চৰকাৰৰ বৰ্ণবাদী তথা মনোবাদী দৰ্শনৰ প্ৰভাৱ স্পষ্ট হৈ পৰে৷ তাৰ পিছদিনাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এম আই এল বিষয় হিচাপে বিকল্প ইংৰাজী বিষয়টো অন্তৰ্ভূক্ত কৰাৰ তথ্য পোহৰলৈ আহিছে৷ জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ মতে, বিজেপি দলে তেওঁলোকৰ হিন্দী-হিন্দু-হিন্দুস্তান নীতি পাকে-প্ৰকাৰে ৰাইজৰ মনত সোমোৱাই দিবৰ বাবে কূট-কৌশল ৰচনা কৰিয়ে আহিছে৷

নাগৰিকত্ব সংশোধনী আইন (কা) জাপি দি অসমীয়া ভাষা-সংস্কৃতিৰ অস্তিত্ব বিপন্ন কৰাৰ পথ প্ৰশস্ত কৰাৰ বিষয়ে সকলো অৱগত৷ তাৰ পিছত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ শ্লোগানৰ অংশ স্বৰূপে অতি কৌশলেৰে অসমৰ থলুৱা ভাষা-সংস্কৃতিৰ ওপৰত উত্তৰ ভাৰতীয় ভাষা-সংস্কৃতি জাপি দিয়াৰ প্ৰয়াস চলায়ে আছে বুলিও কয় দলৰ সভাপতি আৰু সাধাৰণ সম্পাদকে। অসমৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত বিকল্প ইংৰাজী বিষয়ক এম আই এল বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ ফলত অসমীয়া আৰু বড়োকে ধৰি ৰাজ্যৰ থলুৱা মাতৃভাষা বিষয়সমূহ গুৰুত্বহীন হৈ পৰিব বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয়, “ৰাজ্য প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ সকলো বিদ্যালয়ত অসমীয়া বিষয় বাধ্যতামূলক হ’ব বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বে কৰা ঘোষণাতে এই কথাটো প্ৰকাশ পাইছিল যে ৰাজ্যৰ শিক্ষা খণ্ডত অসমীয়া ভাষাৰ গুৰুত্ব কমিছে৷ এনেয়েও ইংৰাজী আৰু হিন্দী ভাষাৰ আগ্ৰাসনে অসমীয়া ভাষাৰ গুৰুত্ব হ্ৰাস কৰি আনিছে৷ এনে অৱস্থাত অসমীয়া তথা অন্য স্থানীয় ভাষাৰ গুৰুত্ব হ্ৰাস কৰিব পৰা যিকোনো পদক্ষেপৰ বিৰোধিতা কৰাটো জাতীয় দায়িত্ব হ’ব৷”

লগতে পঢ়ক : উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা পথ সুৰক্ষা সমিতিৰ জৰুৰী সভা

উচ্চতৰ মাধ্যমিক শ্ৰেণীত এম আই এল বিষয় হিচাপে বিকল্প ইংৰাজীক অন্তৰ্ভূক্ত কৰাৰ উল্লিখিত সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ জাতীয় পৰিষদৰ নেতাদ্বয়ে দাবী জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply