গুৱাহাটী : অসমত সংঘটিত গৰু চিণ্ডিকেটৰ জৰিয়তে হোৱা অবৈধ লেনদেন আৰু কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে৷ বুধবাৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে যে যিহেতু স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সংবাদ মেলৰ আয়োজন কৰি উক্ত তথ্য ৰাজহুৱা কৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকী যিহেতু অসমৰ গৃহ বিভাগৰো মন্ত্ৰী, সেয়ে তেওঁৰ এই বক্তব্য অতিশয় গুৰুত্বপূৰ্ণ আৰু সেয়ে সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী তুলিছে আঞ্চলিক দলটোৱে৷

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৩ জুলাইৰ দিনা নতুন দিল্লীত সংবাদ মেলৰ আয়োজন কৰি সদৰী কৰিছিল যে অসমত গৰু চিণ্ডিকেটত প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হয়৷ জাতীয় পৰিষদৰ মতে, মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা তথ্য যদি সঁচা হয় তেনেহ’লে প্ৰতি মাহে এহেজাৰ কোটি টকা হিচাপত বিগত বিজেপি চৰকাৰৰ পাঁচ বছৰত ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন সংঘটিত হৈছে৷ কিন্তু অসমত গৰু চিণ্ডিকেট অকল বিগত পাঁচ ধৰি চলা নাই, তাৰ বহু আগৰে পৰা চলি আছে৷ তৰুণ গগৈ চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰ ফালে অসমত গৰু চিণ্ডিকেট আৰম্ভ হৈ ২০০৬ চনত গঠিত দ্বিতীয়খন চৰকাৰৰ কালত ব্যাপক ৰূপ ধাৰণ কৰে বুলি অভিযোগ উঠি আহিছে৷ সেই মৰ্মে যদি ২০০৬ চনৰ পৰা ধৰা যায়, তেনেহ’লে বিগত তিনিখন চৰকাৰৰ কাৰ্যকালত, মুঠ ১৫বছৰত ১ লাখ ৮০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন হৈছে৷ এই কেলেংকাৰী ৰাজ্যৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰী হ’ব৷

লগতে পঢ়ক : “চৰকাৰে আমাক মাৰি পেলাওক, আত্মহত্যা কৰাৰ বাহিৰে আমাৰ কোনো পথ নাই”

এক প্ৰেছ বিজ্ঞপ্তিত জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “এই মাৰাত্মক তথ্যটো যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিছে, নিশ্চয় তেওঁ তথ্য-প্ৰমাণ হাতত লৈয়ে তেনেকৈ কৈছে৷ কিন্তু মুখ্যমন্ত্ৰীৰ কাম কেৱল তথ্য ৰাজহুৱা কৰা নহয়, তাৰ তদন্তও কৰোৱা৷ ইতিপূৰ্বে অসম জাতীয় পৰিষদে একাধিকবাৰ দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই৷ সেয়ে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ জৰুৰী৷” প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, “বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ২০০৬-২০১৬ ৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰীসভাৰো সদস্য আছিল৷ গতিকে এইটো সহজে ধাৰণা কৰিব পাৰি যে উক্ত সময়ছোৱাত হৈ থকা গৰুৰ অবৈধ সৰবৰাহ আৰু লেনদেনৰ ওপৰত তেখেতৰ পৰ্যাপ্ত জ্ঞান থাকিব৷ গতিকে ২০০৬-২০১৬ৰ সময়ছোৱাও তদন্তৰ আওতালৈ আনিলে অপ্ৰত্যাশিত তথ্য উন্মোচিত হ’ব৷”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,285 other subscribers

Leave a comment

Leave a Reply