গুৱাহাটী – অসমৰ স্বনামধন্য সংগীতশিল্পী, কিংবদন্তী স্বৰূপ অসমীয়া বাঁহীবাদক, সংগীত পৰিচালক, সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰভাত শৰ্মাৰ মৃত্যুত অসম জাতীয় পৰিষদে গভীৰ শোক ব্যক্ত কৰিছে৷ নৱ গঠিত আঞ্চলিক দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিশিষ্ট শিল্পীগৰাকীৰ মৃত্যু অসমৰ বাবে অপূৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰিছে।
অসম জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে শোক ব্যক্ত কৰি কয় যে প্ৰয়াত প্ৰভাত শৰ্মাই জীৱনকালত অসমীয়া সাংস্কৃতিক জগতক সমৃদ্ধ কৰি জাতিৰ প্ৰতি যি সেৱা আগবঢ়াই গৈছে, সেয়া অতুলনীয়৷ লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই লগতে কয় যে তেখেতে জীৱনকালত সাংস্কৃতিক জগতলৈ আগবঢ়াই যোৱা সম্পদখিনি সংৰক্ষণ আৰু সেয়া নতুন প্ৰজন্মৰ মাজত অধিক হাৰত বিলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
অসম জাতীয় পৰিষদে প্ৰয়াত প্ৰভাত শৰ্মাৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতিও সমবেদনা জ্ঞাপন কৰে৷ মঙলাবাৰে পুৱা ৬ বজাত গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে স্বনামধন্য সংগীতশিল্পী গৰাকীয়ে। শ্বাস-নিশ্বাস বন্ধ হৈ মৃত্যু হয় স্বনামধন্য সংগীতশিল্পী গৰাকীৰ। মৃত্যুৰ সময়ত বাঁহীবাদক প্ৰভাত শৰ্মাৰ বয়স আছিল ৮৬ বছৰ। ২০০১ চনত শিল্পী দিৱস বঁটা আৰু ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰা বাঁহীবাদক প্ৰভাত শৰ্মাৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও শোক প্ৰকাশ কৰিছে।