গুৱাহাটী : বিজেপিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে জনাদেশ লাভ কৰাৰ পিছত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠিত হোৱাত আমি নতুন চৰকাৰ আৰু মুখ্যমন্ত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছিলো আৰু আমি আশা কৰিছিলো যে চৰকাৰখনে জনসাধাৰণৰ প্ৰত্যাশা পূৰণৰ হকে কিছু ইতিবাচক কাম-কাজৰ জৰিয়তে নিজৰ কাৰ্যকাল আৰম্ভ কৰিব৷ কিন্তু যিটো গুৰুতৰ প্ৰশাসনীয় সিদ্ধান্তৰে চৰকাৰখনে প্ৰথম এসপ্তাহতে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেয়া হ’ল আৰক্ষী বিভাগত ব্যাপক ৰদ-বদল৷ শুকুৰবাৰে ৰাজ্যৰ গৃহ বিভাগে এটা আদেশ যোগে ৰাজ্যৰ প্ৰায় আটাইকেইখন জিলাৰ আৰক্ষী অধীক্ষকক বদলি কৰিছে৷ কিন্তু এই বদলিকৰণৰ জৰিয়তে ৰাজ্য চৰকাৰখনে ক্ষমতাত বহিয়ে অসমৰ আৰক্ষী প্ৰশাসনক ৰাজনৈতিক চাপত ৰখাৰ চেষ্টা কৰা যেন অনুমান হৈছে৷
নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিযোগে লগতে কয় যে “এইটো ঠিক যে প্ৰসাশন বা আৰক্ষী বিভাগত নিয়োগ-বদলিকৰণ ৰাজ্য চৰকাৰৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেয়া চৰকাৰৰ এক্তিয়াৰভূক্ত বিষয়৷ কিন্তু সেই কাম কৰোতে চৰকাৰে আইন আৰু প্ৰচলিত চৰকাৰী নিয়ম-বিধি মানি চলাটো উচিত৷ চৰকাৰৰ যিকোনো পদক্ষেপে ৰাইজৰ স্বাৰ্থ কিম্বা চৰকাৰযন্ত্ৰৰ ওপৰত থকা ৰাইজৰ আস্থা হ্ৰাস কৰাৰ ক্ষেত্ৰত যাতে উদগণিমূলক নহয়, তাৰ প্ৰতিও চৰকাৰ সতৰ্ক থকা প্ৰয়োজন৷ কিন্তু আমি বৰ উদ্বেগৰ সৈতে প্ৰত্যক্ষ কৰিছো যে অসম চৰকাৰৰ গৃহ বিভাগে ৰদ-বদলিৰ যিটো আদেশ জাৰি কৰিছে, তাত এফালে আইন আৰু প্ৰচলিত চৰকাৰে নিয়ম-বিধিত আঘাত কৰা হৈছে আৰু আনফালে আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱা কিম্বা নাৰী নিৰ্যাতনৰ গোচৰত অভিযুক্ত হোৱা ব্যক্তিক জিলাৰ আৰক্ষীৰ মুৰব্বী হিচাপে নিয়োগ কৰা হৈছে যি চৰকাৰযন্ত্ৰৰ প্ৰতি থকা জনসাধাৰণৰ আস্থা হ্ৰাসৰ কাৰক হ’ব পাৰে”৷
জগদীশ ভূঞাই আৰু উল্লেখ কৰে যে “উদাহৰণ স্বৰূপে, অসম আৰক্ষী আইন ২০০৭ৰ ১২ নং ধাৰাত স্পষ্টভাৱে উল্লেখ আছে যে জিলা আৰক্ষী অধীক্ষক এগৰাকীৰ কাৰ্যকাল কমেও এবছৰ হ’ব লাগে৷ কিন্তু শেহতীয়া আদেশযোগে অসম চৰকাৰে বদলি কৰা কেইবাগৰাকী আৰক্ষী অধীক্ষকৰ সেই জিলাত দায়িত্বভাৰ লোৱা এবছৰ হোৱাই নাই৷ এবছৰ হোৱাৰ আগতে বদলি কৰিবলগীয়া হ’লে নিৰ্দিষ্ট কিছুমান কাৰণ থাকিব লাগিব বুলি আইনত স্পষ্ট উল্লেখ আছে যদিও চৰকাৰে উক্ত আৰক্ষী অধীক্ষককেইগৰাকীৰ ক্ষেত্ৰত তেনে কোনো কাৰণ নোহোৱাকৈয়ে তেখেতসকলক বদলিৰ নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে নতুন বদলিকৰণৰ আদেশত আদালতে দোষী সাব্যস্ত কৰা বা নাৰী নিৰ্যাতনত অভিযুক্ত কৰি চি আই ডি বিভাগে অভিযোগনামা দাখিল কৰি থোৱা ব্যক্তিও আছে”৷
আৰু পঢ়কঃ প্ৰাক্তন ছাত্ৰ নেতা, অভিনেতা তথা কৰ্মচাৰী পৰিষদৰ সচিব প্ৰধান মৃণাল দাসৰ দেহাৱসান
অসম জাতীয় পৰিষদে অনুভৱ কৰে যে আৰক্ষী আইন উলংঘা কৰি এবছৰ পূৰ্বেই আৰক্ষী অধীক্ষকক বদলি কৰা কাৰ্যই আৰক্ষী বিভাগৰ মনোবল ভাঙি দিব যি ৰাজ্যখনৰ আৰক্ষী ব্যৱস্থাটোক তচনচ কৰি দিব৷ আৰক্ষী বিষয়াসকলে যিকোনো মুহূৰ্ততে বদলি হোৱাৰ আশংকা লৈ কাম কৰিবলগীয়া হ’লে আৰক্ষী বিভাগে জনসাধাৰণলৈ আগবঢ়াই থকা সেৱাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব৷ আৰক্ষী বিষয়াসকলে নিজৰ পদমৰ্যাদা অনুসৰি গুৰুত্ব আৰু স্বাধীনতা সহকাৰে কাম কৰিবলৈ পালে সেয়া অধিক জনকল্যাণকৰ হ’ব৷ জাতীয় পৰিষদৰ মতে, আৰক্ষী বিভাগক ৰাজনৈতিকভাৱে চাপত ৰখাৰ পৰিৱেশে ৰাজ্যত এটা নেতিবাচক পৰম্পৰাৰ সৃষ্টি কৰিব৷ এই বিষয়টোৰ ওপৰত চৰকাৰে বিশেষভাৱে ধ্যান দিয়া প্ৰয়োজন৷