গুৱাহাটী : অসমত বিজেপি দলৰ মিত্রজোঁটৰ চৰকাৰে ইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয় স্থাপনৰ প্ৰস্তুতি চলাইছে। সােণােৱাল চৰকাৰৰ দিনতে আৰম্ভ হােৱা আঁচনিখন আগবাঢ়িছে। বর্তমানৰ চৰকাৰেও বিদ্যালয় স্থাপনত গুৰুত্ব দিছে। আদর্শ বিদ্যালয়সমূহৰ মাধ্যম ইংৰাজীৰ সলনি মাতৃভাষা কৰিবলৈ অসম জাতীয় পৰিষদে দাবী জনাইছে।মাতৃভাষাৰ আধাৰত শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণ অবিহনে শাসকগােষ্ঠীৰ মাতৃভূমিৰ প্রতি দায়িত্ব কেতিয়াও সম্পূর্ণ হ’ব নােৱাৰে বুলি এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে আঞ্চলিক ৰাজনৈতিক দলটোৱে।
হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন নৱনির্বাচিত মিত্রজোঁট চৰকাৰখনে সময় থাকোতেই হৃদয়ংগম কৰক। অসমৰ বুকুত ইংৰাজী মাধ্যমত নহয়, অসমীয়াকে ধৰি থলুৱা স্বীকৃত। মাতৃভাষা মাধ্যমত আদর্শ বিদ্যালয়ত শিক্ষা দানৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি দাবী জনাইছে অসম জাতীয় পৰিষদে। বিবৃতিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞই কয় “অসমত ১০০ বছৰ গৰকা ঐতিহ্যমণ্ডিত মাতৃভাষা মাধ্যমৰ বিদ্যালয় বহুকেইখন আছে। সময়ৰ দাবী আছিল যে এনেৰােৰ বিদ্যালয় আটকধুনীয়াকৈ সজাই-পৰাই তুলিব লাগিছিল। পাঠদানৰ বাবে প্রয়ােজনীয় সকলাে আধুনিক সা-সঁজুলিৰে ঐতিহ্যমণ্ডিত বিদ্যালয়বােৰ গঢ়ি তুলিব লাগিছিল। পৰ্য্যায়ক্রমে সময়ৰ ক্ৰমত আন বিদ্যালয়বােৰাে আধুনিকীকৰণৰ আওতালৈ আনিব লাগিছিল। তেনে এখন আঁচনি অসমৰ ছাত্র-ছাত্রীৰ বাবে সকলাে দিশতে মংগলময় আচনি হ’লহেতেন”।
চৰকাৰৰ পৃষ্ঠপােষকতাত ইংৰাজী মাধ্যমৰ আদর্শ বিদ্যালয় স্থাপনৰ ধাৰণাটোৱে অসম চুক্তিৰ ছয় নম্বৰ দফাটোৰ বিৰুদ্ধাচৰণ কৰিছে বুলিও বিবৃতিত জানিবলৈ দিয়ে অসম জাতীয় পৰিষদে।অসমৰ ভাষিক আৰু সাংস্কৃতিক ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰখন দায়বদ্ধ বুলি দোহাৰি আহিছে কিন্তু কাৰ্য্যক্ষেত্ৰত চৰকাৰখনে নমামি ব্ৰহ্মপুত্ৰ আৰু দীনদয়াল উপাধ্যায় কলেজ স্থাপনৰ দিনৰে পৰা অসমৰ ভাষিক-সাংস্কৃতিক সত্তটোক উপলুঙা কৰি আহিছে।
বিবৃতিটোৰ শেষত লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই অসমৰ মাতৃভাষা মাধ্যমৰ বিদ্যালয়বােৰৰ আধুনিকীৰণৰ ওপৰত সর্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে।
আৰু পঢ়কঃ পুৰবী ডেইৰীয়ে বহনক্ষম দুগ্ধ উৎপাদন পদ্ধতিৰ প্ৰতি ইয়াৰ প্রতিশ্রুতি পুনৰ নিশ্চিত কৰিছে
ভাৰত চৰকাৰৰ নতুন শিক্ষা নীতিয়ে মাতৃভাষা মাধ্যমৰ বিকাশত বিশেষ গুৰুত্ব আৰােপ কৰিছে। গতিকে অসমৰ আদর্শ বিদ্যালয়ত অসমীয়া মাধ্যমে অগ্রাধিকাৰ পাবই লাগিব। তদুপৰি প্রধান মন্ত্রী নৰেন্দ্ৰ মােডীয়ে অসমত অসমীয়া মাধ্যমত মেডিকেল শিক্ষা প্রদান ঘােষণা আগবঢ়াই গৈছে। প্রধান মন্ত্রীগৰাকীৰ ঘােষণাৰ প্রতি সন্মান জনায়েই মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্রীগৰাকীয়ে অসমৰ আদর্শ বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত শিক্ষা দানৰ ব্যৱস্থা গ্ৰহণ কৰক। ৰাজ্য চৰকাৰে স্ববিৰােধী নীতি পৰিহাৰ কৰা উচিত বুলিও বিবৃতিযোগে কয় লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই