গুৱাহাটী – ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। লুৰীণজ্যোতি গগৈক আক্রমণৰ ঘটনাক গৰিহণা জনাই অসম জাতীয় পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। মহানগৰী গুৱাহাটীত মানৱ শৃংখল কার্যসূচীৰে অসম জাতীয় পৰিষদে প্রতিবাদ সাব্যস্ত কৰে।

নলবাৰী জিলাৰ কালাগত যোৱা ২৮ ফেব্ৰুৱাৰীৰ দিনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ বাহনক লক্ষ্য কৰি বিজেপিৰ একাংশ যুৱকে আক্রমণ কৰাৰ ঘটনা গণতন্ত্র প্রতি এক বৃহৎ ভাবুকি বুলি প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক গৰিহণা জনাই মঙলাবাৰে অসম জাতীয় পৰিষদে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লুৰীণজ্যোতি গগৈৰ ওপৰত আক্ৰমণৰ ঘটনাৰ লগত জড়িত প্ৰতিগৰাকী দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাবই লাগিব বুলি দাবী জনাইছে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰাই। ঘটনাটোৰ তীব্র নিন্দা কৰি কামৰূপ মহানগৰ জিলা সমিতিয়ে মহানগৰীত এক বৃহৎ মানৱ শৃংখল কার্যসূচী ৰূপায়ণ কৰে।

প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সঞ্জীৱ বৰাই কয়, বিজেপিৰ পতাকা লৈ প্রায় ৫০ জনীয়া যুৱকৰ এটা দলে আমাৰ দলৰ সভাপতি লুৰীণজ্যোতি গগৈক আক্রমণ কৰাৰ ঘটনা কেৱল দুর্ভাগ্যজনকেই নহয়, অতিশয় উদ্বেগজনকো। নির্বাচনৰ দিন ঘােষণাৰ পিছত শাসক দলৰ কৰ্মীয়ে বিৰােধী ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে এনেদৰে হিংসাৰ আশ্ৰয় লৈ নিজৰ অগণতান্ত্রিক চৰিত্ৰ উদঙাই দিলে।

ক্ষমতাৰ গীত মতলীয়া হৈ বিজেপি কর্মীয়ে কৰা এনে উদ্ভণ্ডালিৰ উচিত বিচাৰ নােহােৱা পর্যন্ত আমি ক্ষান্ত নহওঁ বুলিও হুংকাৰ দিয়ে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰাই।মহানগৰ জিলাৰ সভাপতিগৰাকীয়ে লগতে কয় যে বিধানসভা নির্বাচনৰ দিন ঘােষণাৰ ২৪ ঘণ্টা নৌহওঁতেই সংঘটিত এনে জঘন্য ঘটনাৰ দায়িত্ব গৃহ দপ্তৰৰাে দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ল’বই লাগিব।

মুখ্যমন্ত্ৰীয়ে বিজেপিৰ সেই উদণ্ড যুৱকসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ ব্যৱস্থা গ্ৰহণ কৰক বুলিও দাবী জনায় অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰাই। জাতীয় পৰিষদৰ সভাপতিগৰাকীক কৰা আক্ৰমণত বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি বিধায়কগৰাকীৰ পৃষ্ঠপােষকতা থকা বুলি গুৰুতৰ অভিযােগ তুলিছে সঞ্জীৱ বৰাই। বৰক্ষেত্ৰী সমষ্টিৰ বিধায়কগৰাকীকো শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply