গুৱাহাটী : লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বৃহস্পতিবাৰে নিশা ১২ বজাত আদানী গোষ্ঠীক ৫০ বছৰৰ বাবে হস্তান্তৰ কৰা হৈছে। কেন্দ্ৰৰ মোদী চৰকাৰে সকলো নীতি-নিয়ম জ্বলাঞ্জলি দি সম্পূৰ্ণ বেআইনীভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলে বুলি অসম জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় অসম জাতীয় পৰিষদে আৰম্ভণিৰে পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে।
অসম জাতীয় পৰিষদে ইতিমধ্যে ইয়াৰ বিৰুদ্ধে ধৰ্ণা, গণ স্বাক্ষৰ অভিযান আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তথাপিও এই বেআইনী কাৰ্য্যৰ বিৰুদ্ধে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল বুলি দলটোৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হয়। ভাৰতীয় বিমান প্ৰাধিকৰণৰ আইন ১৯৯৫ অনুসৰি সৰ্বাধিক ৩০ বছৰৰ বাবেহে বিমানবন্দৰ লীজত দিয়াৰ ব্যৱস্থা আছে। কাৰ স্বাৰ্থত এই আইন ভৰিৰে মোহাৰি পেলোৱা হ’ল সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। অসম জাতীয় পৰিষদে এই বেআইনী কাৰ্য্য কেতিয়াও মানি নলয় বুলিও দলটোৱে কয়।
দেশজুৰি ইয়াৰ প্ৰতিক্ৰিয়া চলি আছে। এক সবল জনমত গঢ়ি উঠিছে। এই জনমত অধিক সুদৃঢ় কৰি ৰাখিব পাৰিলে ইয়াৰ এক সুবিচাৰ হ’বই। অসম জাতীয় পৰিষদ এই ক্ষেত্ৰত দৃঢ় বিশ্বাসী।অসম জাতীয় পৰিষদ ব্যক্তিগত খণ্ডৰ বিৰোধী নহয়। দল ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগসমূহ ব্যক্তিগত খণ্ডক গটোৱাৰহে বিৰোধী। গোপীনাথ বৰদলৈৰ বিমানবন্দৰ এটা লাভজনক বিমানবন্দৰ। লোকচান ভৰি থকা বিমানবন্দৰসমূহ ব্যক্তিগত খণ্ডক নগতাই লাভ অৰ্জন কৰি থকা গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত খণ্ডৰ আদানী গোষ্ঠীক কিয় গটোৱা হ’ল সেইটোহে ডাঙৰ সাঁথৰ। আমি বিশ্বাস কৰোঁ ৰাইজৰ প্ৰতিবাদী শক্তিয়ে এদিন এই সাঁথৰ ভেদ কৰিবই বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দলটোৱে।
লগতে পঢ়ক : চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান
অসমবাসীৰ সম্পূৰ্ণ আৱেগ জড়িত হৈ থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আজি আদানী গোষ্ঠীৰ দখললৈ যাব। এইয়া অসমৰ বাবে কিমান দুৰ্ভাগ্যজনক সেইয়া জনবিৰোধী নৰেন্দ্ৰ মোদী চৰকাৰে উপলব্ধি কৰিব নোৱাৰে। অতি নিৰ্লজ্জভাৱে এই চৰকাৰ আৰু শাসনাধিস্থ বিজেপি দলে জনসাধাৰণৰ আৱেগ আৰু ন্যায়ৰ প্ৰতি পিঠি দি ইয়াৰ যুক্তিযুক্ততাৰ সপক্ষে ৰজাঘৰীয়া এচাম বুদ্ধিজীৱীৰ জৰিয়তে মিথ্যা প্ৰচাৰত নামিছে। ব্যক্তিগত খণ্ডৰ হাতত এই বিমানবন্দৰৰ ব্যাপক উন্নয়ন সাধন হ’ব বুলি ব্যাপক প্ৰচাৰ চলোৱা হৈছে বুলিও কয় দলটোৱে। আজিৰ দিনটো অসমবাসী ৰাইজৰ বাবে এক দুৰ্ভাগ্যৰ দিন বুলি উল্লেখ কৰি দলটোৱে দুঘণ্টীয়া মৌন প্রতিবাদৰ কাৰ্য্যসূচী পালন কৰে।